তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ গঠনৰ জৰিয়তে অসমীয়া জাতিটোক খণ্ড খণ্ড কৰা বুলি এক বিতৰ্ক চলি থকাৰ মাজতে এয়া আৰ এছ এছ আৰু বিজেপিৰ এক পৰিকল্পিত প্ৰচাৰ বুলি অভিহিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যুৎ বৰদলৈয়ে।
শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰদলৈয়ে কয়, “হাড়ে-হিমজুৱে বৰ্ণবাদী চৰিত্ৰৰ আৰ এছ এছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বকীয়তা, সামাজিক আৰু অৰ্থনৈতিক উত্তৰণ মুখ ফুটাই নক’লেও মনে-প্ৰাণে কেতিয়াও কামনা নকৰে। সেয়েহে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিকাশক সুদৃঢ় কৰিবলৈ কংগ্ৰেছে গঠন কৰা স্বায়ত্তশাসিত আৰু উন্নয়ন পৰিষদসমূহৰ অৱস্থিতিক এতিয়া চৰকাৰী পক্ষৰ পৰা প্ৰণালীগতভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।”
বৰদলৈয়ে লগতে শেহতীয়াভাৱে স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদক লৈ আৰ এন ৰবিয়ে কৰা মন্তব্য আৰ এছ এছ আৰু বিজেপিৰ চক্ৰান্ত আছিল বুলিও কয়। ইয়াৰ পূৰ্বে আৰ এছ এছৰ মুখপত্ৰ ‘পাঞ্চজন্য’তো এনেধৰণৰ বিভ্ৰান্তিকৰ কথা প্ৰকাশ পাইছিল বুলিও কয়।
তেওঁ লগতে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশেষ উদ্যোগত ভাৰতীয় সংবিধানত ষষ্ঠ অনুচ্ছেদৰ ব্যৱস্থা কৰি ইয়াৰ জৰিয়তে দেশৰ জনজাতিসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছিল বাবেই আৰ এছ এছ আৰু বিজেপিয়ে গোপীনাথ বৰদলৈক বেয়া পায়।
“ইয়াতেই কংগ্ৰেছ আৰু আৰ এছ এছ-বিজেপিৰ আদৰ্শগত পাৰ্থক্য সোমাই আছে। আৰ এছ এছ আৰু বিজেপিয়ে তেওঁলোকৰ এজেণ্ডাসমূহ আগ বঢ়াই লৈ যাব বিচাৰে।” প্ৰদ্যুৎ বৰদলৈয়ে কয়।
সংবাদমেলত বৰদলৈয়ে কংগ্ৰেছে বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি অসমখনক বহুৰঙী ফুলেৰে জাতিষ্কাৰ ফুলনি হিচাপে গণ্য কৰে বুলি কৈ বিজেপি আৰু আৰ এছ এছে সেইখন অসমত বিজতৰীয়া সংস্কৃতি জাপি দি ‘অসমীয়াত্ব’ক নিৰ্মূল কৰিব বিচাৰে বুলি মন্তব্য কৰে।
ইয়াৰ উপৰি বৰদলৈয়ে সংবাদমেলত অভিযোগ কৰে যে আৰ এছ এছ-বিজেপিয়ে ‘অখণ্ড ভাৰত’, ‘এক ভাষা’, ‘এক ধৰ্ম’ৰ নীতি বলৱৎ কৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ধৰ্মক নিঃশেষ কৰাৰ অভিসন্ধি কৰিছে।