ভাৰতৰ সৈতে দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ইংগিতেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য ভাৰতক যোগান ধৰাৰ প্ৰক্ৰিয়া চীনে পুনৰ আৰম্ভ কৰিব। চীনৰ বন্দৰ চহৰ য়ুহানত শনিবাৰে জিনপিং আৰু মোডীৰ মাজত অনুষ্ঠিত অনানুষ্ঠানিক শীৰ্ষ সন্মিলনতেই ভাৰতক ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য যোগান ধৰিবলৈ সন্মতি প্ৰকাশ কৰিছে চীনৰ চৰকাৰে।
উল্লেখ্য যে সীমাকেন্দ্ৰিক বিবাদকে ধৰি বিভিন্ন কাৰণত হোৱা কূটনৈতিক সংঘাতৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য ভাৰতক যোগান ধৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিছিল প্ৰতিবেশী দেশখনে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি পূৰ্বোত্তৰৰ বিভিন্ন প্ৰান্তত হঠাতে অহা বানে বিভিন্ন সময়ত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিছিল।
বানপানীৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য চীন চৰকাৰে যোগান নধৰাৰ ফলত মহাবাহুৰ জলস্তৰ তথা বানপানীৰ সম্ভাৱনা সন্দৰ্ভত আগজাননী দিয়াতো ভাৰতৰ সংশ্লিষ্ট বিভাগসমূহৰ বাবে অত্যন্ত জটিল হৈ পৰিছে। কিন্তু ব্ৰহ্মপুত্ৰৰ জলধাৰা সম্পৰ্কীয় তথ্য যোগানৰ প্ৰক্ৰিয়া চীনে পুনৰ আৰম্ভ কৰিলে বানৰ আগজাননী তথা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটো যথেষ্ট সহজসাধ্য হ’ব বুলি ধাৰণা কৰা হৈছে।
আনহাতে, শনিবাৰে অনুষ্ঠিত অনানুষ্ঠানিক শীৰ্ষ সন্মিলনৰ লেখীয়াকৈ অহা বছৰ ভাৰততো অনুষ্ঠিত হ’ব মোডী আৰু জিনপিঙৰ মাজত পৰৱৰ্তী অনানুষ্ঠানিক শীৰ্ষ সন্মিলন। ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেই এই কথা সদৰী কৰিছে।
তেওঁ কয় যে অহা বছৰ ভাৰতত অনুৰূপ অনানুষ্ঠানিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰিছে চীনা ৰাষ্ট্ৰপতি জি জিনপিঙে।
অৱশ্যে উক্ত পৰৱৰ্তী শীৰ্ষ সন্মিলনৰ স্থান তথা তাৰিখ যথা সময়ত নিৰ্ধাৰণ কৰা হ’ব বুলি বৈদেশিক সচিবগৰাকীয়ে জানিবলৈ দিয়ে।