NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ চিৰাঙত বৃহৎ পৰিমাণৰ ভূটীয়া টকা সহিতে এজনক গ্ৰেপ্তাৰ

May 24, 2018 9:05 pm · ৰিনয় বসুমতাৰী
প্ৰতিনিধিত্বমূলক চিত্ৰ

কোকৰাঝাৰ জিলাৰ ৰাণীগুৰিস্থিত সশস্ত্ৰ সীমা বলৰ ৬ নং গোটৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দাদগিৰী অঞ্চলৰ পৰা সমীৰ কুমাৰ সাহ নামৰ এজন লোকক বৃহৎ পৰিমাণৰ ভূটীয়া টকা সহিতে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে অভিযানকাৰী দলটোৱে ধৃত লোকজনৰ পৰা ১০৭৩ খন ১ হেজাৰ টকীয়া, ৯৪৬ খন ৫০০ টকীয়া আৰু ৪৪০ খন ১০০ টকীয়া নোট সহিতে মুঠ ১৫ লাখ ৯০ হেজাৰ ভূটানৰ টকা জব্দ কৰে। ইয়াৰ উপৰি লোকজনৰ পৰা দুটা মোবাইল ফোন আৰু এখন বেংকৰ পাছবুকো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।

সশস্ত্ৰ সীমা বলৰ দলটোৱে পাছত জব্দকৃত সামগ্ৰী সহ সমীৰ কুমাৰ সাহক ৰুনীখাতা আৰক্ষীক গতাই দিয়ে।

ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে ইতিমধ্যে ৰুনীখাতা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক জনায়।

Related News