NORTHEAST NOW (Assamese)

ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উদযাপন

June 16, 2018 5:45 pm · মিণ্টু দাস

বর্ষাবিঘ্নিত পৰিবেশৰ মাজতো ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপিত হৈছে ইছলাম ধর্মাৱলম্বী লোকসকলৰ পবিত্র উৎসৱ ঈদ-উল-ফিতৰ।

পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজা পালনৰ অন্তত আজি অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। এই নামাজত শিশুৰ পৰা বয়োবৃদ্ধলৈকে কেইবা সহস্ৰাধিকে অংশগ্রহণ কৰি নিজৰ, দেশৰ, সমাজৰ তথা সমগ্র বিশ্বৰ মানুহৰ শান্তি-সম্প্রীতি আৰু সমৃদ্ধিৰ কামনাৰে আল্লাৰ ওচৰত প্রার্থনা জনায়।

তাৰ পিছত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদ মোবাৰক যাঁচে।

উল্লেখযোগ্য যে ঈদ উপলক্ষে নগাঁও জিলাৰ টাউন ঈদগাহ ময়দান, ঘূটলাইপট্টি ঈদগাহ ময়দানৰ লগতে জাজৰি, দক্ষিণপাট, ডাকৰঘাট, কাৱৈমাৰি, শেনচোৱা ডেকাগাঁ‌ও, চিলঙনী, জুৰীয়া, ৰূপহী, গড়াজান, ধিং, বটদ্ৰৱা, চামগুৰি, ৰাঙলু, কঠিয়াতলী, পানীখাটী আদি অঞ্চলত সমূহীয়া নামাজৰ উপৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

আনহাতে নগাঁও জিলাৰ ঐতিহাসিক জাজৰি আঞ্চলিক ঈদগাহ ময়দানখনি আজি পৰ্যন্ত কোনো চৰকাৰেই পকীকৰণৰ ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰিছে জাজৰিৰ ইছলামধৰ্মী লোকসকলে।

Related News