ভুপিন্দৰ সিঙক হত্যাত ব্যৱহৃত ইন’ভা জব্দ, হত্যাকাৰীক গ্ৰেপ্তাৰ

BhupinderShing

যোৱা উৰুকাৰ নিশা (১৩ জানুৱাৰি) গুৱাহাটী মহানগৰীৰ জয়ানগৰ চাৰিআলিত নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপিন্দৰক খুন্দিয়াই নিহত কৰাত ব্যৱহৃত ইন’ভা গাড়ীখন আজি আৰক্ষীয়ে জব্দ কৰিছে।

ইমান দিনে ইন’ভাখনৰ সন্ধান অব্যাহত ৰাখিছিল যদিও ঘটনাটো ৰাতি হোৱা বাবে আৰু পৰিস্থিতিগত প্ৰমাণ নথকা বাবে আৰক্ষী বিমোৰত পৰিছিল। অৱশেষত ১৭ দিনৰ মূৰত আজি আৰক্ষীয়ে গীতানগৰত দীৰ্ঘদিনে লুকুৱাই ৰখা বগা ৰঙৰ ইন’ভাখন (নং) জব্দ কৰাৰ লগতে বাহনখনৰ গৰাকী প্ৰদীপ ডেকা আৰু চালকজনকো গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে উক্ত দিনা গাড়ীখনত দুগৰাকী যুৱতীও আছিল।

আন এটা সূত্ৰই জনোৱামতে সিদিনা গাড়ীৰ পাৰ্কিঙক লৈ ট্ৰাক আৰু ইন’ভাখনৰ গৰাকীৰ মাজত অৰিয়াঅৰি চলি থাকোতেই ভিনিহিয়েকৰ ঘৰত উৰুকাৰ ভোজ খাই আহি থকা ভূপিন্দৰ সিং আহি থাকোতে ঘটনাটো দেখি ইন’ভাখনক অলপ পিছুৱাই দিবলৈ কৈছিল। তাতে খৰ্গহস্ত হৈ ইন’ভাখনৰ সুৰামত্ত যুৱক চালকজনে হঠাতে বেগত গাড়ীখন পিছুৱাই দি ভূপিন্দৰ সিঙক মহতিয়াই নিয়ে। পিছত ভূপিন্দৰ সিঙক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। ভূপিন্দৰ সিঙৰ ঘৰ আছিল কাৰ্বি আংলঙৰ মাঞ্জাত আৰু তেওঁ গুৱাহাটীৰ জয়ানগৰত থকা নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰৰ দায়িত্বত আছিল। তেওঁ মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল।

ঘটনা সংঘটিত কৰিয়েই গাড়ীখনে পলায়ন কৰিছিল। ৰাতি হোৱা বাবে ওচৰৰ কম সংখ্যক প্ৰত্যক্ষদৰ্শীয়ে গাড়ীখন অনুসৰণ কৰিব পৰা নাছিল।

অপৰাধীক ধৰাৰ দাবীত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্য্যসূচীও গ্ৰহণ কৰিছিল। আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছিল যদিও কোনো ক্লু পোৱা নাছিল।

অৱশেষত ঘটনাৰ সময়ত ইন’ভাখনত থকা পৰাগ ফুকন নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বশিষ্ঠ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে।