NORTHEAST NOW (Assamese)

ভুল চিকিৎসাৰ বলি! ডংগলৰ অভিনেত্ৰী সুহানী ভাটনাগৰ আৰু নাই

February 17, 2024 5:00 pm ·
Updated: February 17, 2024 6:56 pm

আমীৰ খানৰ ‘ডংগল’ ছবিত ববিতা নামৰ শিশু চৰিত্ৰত অভিনয়  কৰি বলিউডত জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী সুহানা ভাটনাগৰ আৰু নাই।

 

মাত্ৰ ১৯ বছৰ বয়সতে এই পৃথিৱীৰ পৰা মেলানি মাগিলে অভিনেত্ৰীগৰাকীয়ে।

 

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত আঘাত পাইছিল সুহানীয়ে। দুৰ্ঘটনাত ভৰি ভাগিছিল সুহানীৰ।

 

সুহানীৰ পৰিয়ালে দাবী কৰা মতে, চিকিৎসকে প্ৰদান কৰা ঔষধ সেৱন কৰাৰ পিছত পাশ্বক্ৰিয়া হৈ তেওঁৰ শৰীৰত পানী জমা হ’বলৈ ধৰিলে। এনেদৰেই মৃত্যুক সাৱটি ল’লে কণমাণি অভিনেত্ৰীগৰাকীয়ে।

 

বলীউডৰ এগৰাকী সুপৰিচিত শিশু শিল্পী আছিল সুহানী। কেৱল সেয়াই নহয়, কেইটাও বিজ্ঞাপন আৰু ধাৰাবাহিকতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক। 

 

এই প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত এতিয়া ভাগি পৰিছে তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগী সমাজ।

Related News