• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটান সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশক লেতেৰা কৰিছে অসমৰ পিকনিক দলে : ছ’চিয়েল মিডিয়াত ভূটানৰ বনপালকৰ পোষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2018 5:58 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে আকৰ্ষণৰ স্থলী হৈ পৰা অসম-ভূটান সীমান্তলৈ অসমৰ পিকনিক দলৰ দৈনিক আগমন ঘটে। এওঁলোকৰ বহুতেই ভূটানৰ নিৰ্মল প্ৰাকৃতিক পৰিৱেশ তথা সৌন্দৰ্য উপভোগ কৰি তৃপ্ত হয়। কিন্তু আন বহুতেই পিকনিকৰ নামত মাতলামি, উদ্ভণ্ডালি-উৎপাত কৰাই নহয়, আধা খোৱা বস্তু, প্লাষ্টিকৰ বটল, পাত-চোত খোৱা ঠাইতে পেলাই থৈ আহে। আনকি মদৰ বটল দলিয়াই, জোতাৰে গচকি ভাঙি-ছিঙি তাত এক কদৰ্যময় পৰিৱেশ কৰি থৈ আহে। এইদৰে বিভিন্নটা বনভোজৰ দলে সুন্দৰ ঠাইখন ক্ৰমে ক্ৰমে লেতেৰা, খোজ দিবলৈ মনত অনিচ্ছা-শংকা জগা ঠাইত পৰিণত কৰিছে।

এই লৈ স্বাভাৱিকতে নিৰ্মল পৰিৱেশত থাকি ভালপোৱা, প্ৰকৃতি-সচেতন ভূটানীসকল বেচ অসন্তুষ্ট। তেওঁলোকে নিজেই যিমান পাৰে এইবোৰ চাফা কৰে। কিন্তু শেহতীয়াকৈ এইবোৰ চাফাই কাৰ্যত জড়িত কেইজনমান বনপালকৰ এজনে ছ’চিয়েল মিডিয়াত এই বিষয়টো লৈ যি আপডেইট দিলে সি সচেতন অসমীয়া লোকৰ চকু কপালত তোলাৰ লগতে নিজকে লজ্জিত অনুভৱ কৰাইছে।

Apply Now

ভূটানৰ মৌখোলা অঞ্চলত অসমৰ পৰা যোৱা পিকনিকৰ দলে কৰি থৈ অহা কদৰ্য্যময় পৰিৱেশ চাফা কৰা এই ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (ভূটানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ নাম)ৰ কৰ্মচাৰীজনে তেওঁৰ পোষ্টত অসমৰ পিকনিক দলবোৰৰ প্ৰতি অতি বিনয়ভৰা তথা আৱেদনময় ভাষাত আহ্বান জনাইছে।

বনপালকজনে নিজৰ পোষ্টত লিখিছে- ‘গোটেই মৌখোলা অঞ্চলটোৱেই প্ৰদূষিত হৈ পৰিছে। আমি অসমৰ বন্ধুসকলক পিকনিকলৈ নাহিবলৈ নকওঁ। আমি আপোনালোকক সদায়ে স্বাগতম জনাওঁ। কিন্তু আপোনালোকে অনুৰোধ কৰি লগত এটা বস্তা লৈ আহে যেন, যাতে আপোনালোকে নিজৰ আৱৰ্জনাখিনি তাত ভৰাই অন্ততঃ ঘাইপথৰ কোনো এটা পইণ্টত থৈ যাব পাৰে। তেতিয়া আমাৰ পৌৰকৰ্মীয়ে সেইবোৰ উঠাই লৈ গৈ সঠিক ঠাইত পেলাব পাৰিব।’

তাৰ উপৰি তেওঁ লিখিছে, ‘আপোনালোকে প্ৰদূষিত কৰা মৌখোলা ঠাইখনৰ আইনদীখন আপোনালোকৰ অঞ্চলৰ মাজেৰেই বৈ নাযায়নে? পিকনিক খাই আপোনালোকে আনন্দত নাচি-বাগি ঘূৰি যায়। কিন্তু এই কথা ভাবি চাব যে ই কেৱল ভূটানকে প্ৰদূষিত নকৰে। এই একেখন প্ৰদূষিত নদীৰ পৰা আপোনালোকেও পানী খাব, তাত গা ধুব, তাৰ পানী কৃষিত ব্যৱহাৰ কৰিব।’

অসন্তুষ্টি খাই মাজত সীমা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ভূটানত অসমৰ পিকনিক দলৰ কাণ্ডজ্ঞানহীনতাই ভূটানৰ বনপালকক বাধ্য কৰিলে ছ’চিয়েল মিডিয়াত পোষ্ট দিবলৈ।

এই পোষ্টটোত বিশেষ দ্ৰষ্টব্য হিচাপে তেওঁ কৈছে। পিছৰবাৰ পিকনিকলৈ আহোতে আপোনালোকে অনুগ্ৰহ কৰি মজবুত জোতা পিন্ধি আহিব, যাতে নদীৰ পাৰে পাৰে খোজ কাঢ়োতে এই বছৰ এৰি যোৱা ভগা মদ আৰু বিয়েৰৰ বটলে আপোনালোকৰ ভৰি কাটিব নোৱাৰে।

অসমীয়া যুৱ সমাজৰ দায়িত্বজ্ঞানহীনতাক উদঙাই দিয়া বনপালকৰ এই পোষ্টটোৱে সচেতন অসমীয়া নাগৰিকক স্বাভাৱিকতে লজ্জিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd