NORTHEAST NOW (Assamese)

ভূমিকম্পত ক্ষতিগ্ৰস্ত মঙলদৈ বিদ্যাপীঠ হাইস্কুল : শ্ৰেণী কোঠাৰ মজিয়া খহি পৰাত দুজন ছাত্ৰ আহত

June 11, 2018 6:24 pm · এন ই নাও নিউজ

আজি সমগ্ৰ ৰাজ্যকে জোকাৰি যায় এক মজলীয়া ভূমিকম্পৰ জোকাৰণিয়ে।

পুৱা প্ৰায় ১০.২৪ বজাত অনুভূত হৈছিল এই ভূমিকম্পটো। প্ৰায় ২০ ছেকেণ্ডৰো অধিক সময় ধৰি গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অব্যাহত আছিল জোকাৰণি।

এই ভূমিকম্পৰ জোকাৰণিয়ে জোকাৰি যায় মঙলদৈকো। জানিব পৰা মতে আজি পুৱা অহা ভূমিকম্পৰ ফলত মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ শ্ৰেণীকোঠাৰ মজিয়া খহি পৰে।

বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়খনত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। আৰু এই ঘটনাৰ ফলত বিদ্যালয়খনৰ দুজন ছাত্ৰ সামান্য পৰিমাণে আহত হয় যদিও আৰু আন কোনো আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আহত হোৱা ছাত্ৰ দুজনৰ নাম হিতেশ বৰ্মন আৰু কপিল দাস বুলি জানিব পৰা গৈছে।

আনহাতে আজি পুৱা অহা ৰিখতাৰ স্কেলত প্ৰায় ৪.৯ প্ৰাবল্যই জোকাৰি যোৱা ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ নগাঁও জিলাৰ ধিং বুলি জানিব পৰা গৈছে।

Related News