ছ’চিয়েল মিডিয়াৰ উৰাবাতৰিৰ প্ৰভাৱৰ ফলত বৃদ্ধি পোৱা সন্দেহ, শংকা আৰু অন্ধবিশ্বাসত আক্ৰান্ত হৈ কাৰ্বি আংলঙৰ একাংশ লোকে নিৰ্মম প্ৰহাৰ কৰি দুজন প্ৰতিভাৱান যুৱকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাই ৰাজ্যখনক জোকাৰি যোৱাৰ সময়তে যোৱা নিশা মিণ্টু দাসনগাঁও জিলাৰ চামগুৰিতো সংঘটিত হ‘ল এক মাৰপিটৰ ঘটনা। মন কৰিব লগীয়া কথাটো হ’ল এই ঘটনাৰ সৈতেও জড়িত হৈ আছে অপপ্ৰচাৰ, সন্দেহ, অন্ধবিশ্বাস।
জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি চাহ বাগিছাৰ ‘উদমাৰি লাইন’ত’ যোৱা নিশা দুজন অচিনাক্ত যুৱকক স্থানীয় একাংশ লোকে সন্দেহৰ বশৱৰ্তী হৈ তামোল গছত বান্ধি লৈ মাৰপিট কৰে। ৰূপহী আৰক্ষী থানাৰ আন্তৰ্গত লাওখোৱা চপটকাৰৰ নিৱাসী মহমদ আলীৰ পুত্ৰ ইনামুল হক (২০) আৰু তেলীয়া চাপৰি নিৱাসী ৰফিকুল ইছলামৰ পুত্ৰ মিৰাজুল ইছলাম (২১) নামৰ যুৱক দুজনে যোৱা নিশা প্ৰায় ৯-৩০ মান বজাত উদমাৰি বাগান লাইনত এগৰাকী যুৱতীৰ ঠিকনা বিচাৰি সোধা-পোছা কৰি থকা অৱস্থাতে সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ উত্তেজিত লোকে যুৱক দুজনক তামোল গছত বান্ধি লৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে৷
উক্ত ঘটনা সম্পৰ্কে চামগুৰি আৰক্ষীয়ে এক বিশেষ সূত্ৰে জানিব পাৰি তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হোৱাত ডকমকাৰ দৰে পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটাৰ পৰা ৰক্ষা পৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱক দুজনক নিশ্চিত মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰে।