NORTHEAST NOW (Assamese)

ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণ: শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ প্ৰতিবাদত ২৭ জুলাইত ৰাজভৱনত শিক্ষকৰ অৱস্থান

July 24, 2018 6:50 am · এন ই নাও নিউজ
ৰাজভৱনত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিবাদ। ফাইল ফটো

ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণত শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলিছে সদৌ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। শিক্ষামন্ত্ৰীৰ এনে ব্যৰ্থতাৰ প্ৰতিবাদত অহা ২৭ জুলাইত ঐক্যমঞ্চই ৰাজভৱনত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিব। ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ লহকৰে এই কথা জানিবলৈ দিছে।

লহকৰে জানিব দিয়ে যে বিগত ২০১৭ চনৰ মাৰ্চ মাহতে গৃহীত কৰা অসম শিক্ষা (শিক্ষকৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ গঠন) আইনৰ আধাৰত ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলসমূহৰ কৰ্মৰত শিক্ষকসকলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে কৰি থকা বাছনি প্ৰক্ৰিয়া তৰান্বিত কৰাৰ লগতে আইনখনত থকা আসোঁৱাহসমূহ ৰাজ্যখনৰ সৰ্বস্তৰৰ ভেঞ্চাৰ স্কুলসমূহত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ দাবী জনাই শিক্ষামন্ত্ৰীক ঐক্যমঞ্চই দুবাৰকৈ সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

আনহাতে, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষা বিভাগৰ আমোলা-বিষয়াসকলৰ সৈতে শীঘ্ৰেই আলোচনা কৰি প্ৰাদেশিকীকৰণৰ কাম তৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

শিক্ষামন্ত্ৰীগৰাকীৰ এনে উদাসীনতা তথা অনীহাৰ প্ৰতিবাদ জনাই অহা ২৭ জুলাইত ঐক্যমঞ্চই ৰাজভৱনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে।

Related News