NORTHEAST NOW (Assamese)

মঙলদৈ আৰক্ষীৰ অভিযানত আটক দুই সন্দেহজনক মানৱ সৰবৰাহকাৰী

May 17, 2018 9:53 pm · ময়ুখ গোস্বামী

আজি সন্ধিয়া মঙলদৈ আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলায় মানৱ সৰবৰাহৰ লগত জড়িত সন্দেহজনক দুই বিবাহিত যুৱকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ধৃত দুই যুৱকে অঞ্চলটোত দুখীয়া পৰিয়ালৰ যুৱতীক বিভিন্ন ভুৱা প্ৰলোভন, চাকৰি আদি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি দি ৰাজ্যৰ বাহিৰত সৰবাৰাহ কৰি আহিছিল। ধৃত দুই যুৱকক আৰক্ষীয়ে নলবাৰীৰ গণেশ মন্দিৰৰ ওচৰৰ নিৱাসী মোহন তালুকদাৰৰ পুত্ৰ মানৱ তালুকদাৰ আৰু নলবাৰী জিলাৰ খাতবাৰী গাঁৱৰ উৎসৱ পাটগিৰীৰ পুত্ৰ জয়ন্ত পাটগিৰী বুলি চিনাক্ত কৰিছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে মঙলদৈ চহৰৰ এগৰাকী যুৱতীয়ে বুধবাৰে সন্ধিয়া মঙলদৈ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত যুৱতীয়ে গৰাকীয়ে উল্লেখ কৰা অনুসৰি এজন যুৱকে যুৱতীগৰাকীক মোবাইল যোগে যুৱতীগৰাকীৰ অসুস্থ মাকৰ চিকিৎসাৰ বাবে ৭০ হাজাৰ দিয়াৰ কথা কয় কিন্তু তাৰ বিপৰীতে যুৱতী গৰাকী যুৱকজনৰ লগত নলবাৰীলৈ যাব লাগিব বুলি জনায়। লগতে যুৱকজনে যুৱতীগৰাকী মোবাইল যোগে অশ্লীল বাৰ্তা প্ৰেৰণ কৰে।

আনহাতে যুৱতী গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি যুৱতী গৰাকীৰ সহায়ত যুৱকজনক কৰায়ত্ত কৰাৰ বাবে এক অভিসন্ধি কৰে।

সেই অনুসৰি মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ তত্বাৱধানত মঙলদৈ আৰক্ষীৰ এটা দলে আজি সন্ধিয়া মঙলদৈৰ আউলাচৌকাত দুয়ো যুৱকে যুৱতীগৰাকীৰ সৈতে যাত্ৰা কৰা পথতে হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

মঙলদৈ আৰক্ষীয়ে ধৃত দুই যুৱকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪১৯/৩৬৩/৩৭৬/৫১১ ধাৰাত ৩৬৯/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

মন কৰিব লগীয়া যে ধৃত দুই যুৱকে এই মানৱ সৰবৰাহ কাৰ্যত নামনি অসমৰ প্ৰভাৱশালী স্বয়ম্ভূ গডমেন জড়িত থকা বুলি কয়।

Related News