মণিপুৰত আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হ’ল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন

মণিপুৰত আৰু এবছৰলৈ বঢ়াই দিয়া হৈছে বহু বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। অৱশ্যে যোৱা ১ ডিচেম্বৰত মণিপুৰ কেবিনিটে অনুমোদন জনোৱা এই সিদ্ধান্তৰ পৰা ইম্ফল পৌৰ এলেকা সমূহক বাদ দিয়া হৈছে। উল্লেখযোগ্য যে

আফছপা বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) হ’ল ভাৰত চৰকাৰে দেশৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলসমূহত সামৰিক বাহিনীক বিশেষ তথা অধিক ক্ষমতা দিয়াৰ বাবে কৰা এখন আইন। মণিপুৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন কিছু কিছু অঞ্চলত এই আইন দীৰ্ঘদিন ধৰি প্ৰয়োগ কৰি অহা হৈছে। এই ২০০৪ চনৰ ১০ জুলাইত  অসম ৰাইফলছৰ ১৭জন জোৱানৰ দ্বাৰা সংঘটিত ঠাংজাম মনোৰমাৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদৰ পিছত ইম্ফল পৌৰসভাৰ ভিতৰত পৰা ৭ টা বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত পৌৰ এলেকাবোৰক এই আইনৰ আওতাৰ পৰা বাদ দিবলৈ বাধ্য হয়।

অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো টিৰাপ আৰু চাংলাং জিলাৰ লগেত আৰু দুই এখন আৰক্ষী থানা, য’ত আলফা, এন ডি এফ বি আৰু নগা উগ্ৰপন্থীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আফছপা প্ৰয়োগ কৰা হৈছে।