মণিপুৰত প্ৰথমবাৰৰ বাবে বাঘৰ পিয়ল আৰম্ভ কৰা হ’ব

05thtiger-678x381

দেশৰ ‘বাঘৰ মানচিত্ৰ’ত ৰাজ্যখনক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ হিচাপে প্ৰথমবাৰৰ বাবে মণিপুৰত বাঘৰ পিয়ল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশজুৰি প্ৰতি চাৰি বছৰৰ অন্তৰত আয়োজন কৰা অল ইণ্ডিয়া টাইগাৰ ইষ্টিমেশ্যনৰ (ব্যাঘ্ৰ গণনা)ৰ অংশ হিচাপে মণিপুৰকো এইবাৰ অন্তৰ্ভুক্ত কৰা হ’ব।

প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই অনুশীলনত অন্যান্য বিৰাটকায় মাংসহাৰী তথা তৃণভোজী জন্তুকো সামৰি লোৱা হ’ব বুলি ৰাজ্যৰ বন বিভাগৰ সূত্ৰই জানিব দিছে। বনাঞ্চলৰ প্ৰাকৃতিক ব্যৱস্থাটোত খাদ্য শৃংখলাৰ মূল প্ৰাণী হৈছে বাঘ আৰু ইয়াৰ উপস্থিতিয়ে বনত থকা প্ৰাণীসমূহৰ সুস্বাস্থ্যৰ লগতে বনত অন্যান্য সগোত্ৰীয় জন্তু তথা তৃণভোজী জন্তুৰ বাবে উপযোগী পৰিৱেশ সৃষ্টি কৰে।

যদি বাঘৰ উপস্থিতি লক্ষ্য কৰা যায় তেতিয়াহ’লে ৰাজ্যখনত ব্যাঘ্ৰ পৰ্যটন বিকাশত  ৰাজ্যখনৰ বাবে এক বিৰাট সাফল্য হ’ব বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।

ৰাজ্যৰ বন বিভাগ এই বিষয়ক লৈ আশাবাদী যে যদি এই প্ৰাণীবিধ পোৱা যায় তেতিয়াহ’লে বিভাগে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ জৰিয়তে দেশৰ বিভিন্ন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘ আমদানি কৰিব পাৰিব।

ৰাজ্যখনত বাঘৰ উপস্থিতিৰ সম্ভাৱনা উল্লেখ কৰি সূত্ৰটোৱে কয় যে বিশেষকৈ টামেঙলঙ, উখ্ৰুল আৰু সেনাপতি জিলাত বাঘ বিচাৰি পোৱাৰ সম্ভাৱনা আছে।

বাঘৰ বিচৰণৰ খবৰ এই অঞ্চলবোৰৰ পৰা নিয়মিত লাভ কৰি থকা হৈছে।

বাঘৰ পিয়ল সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ আৰু ৰাজ্যিক বন বিভাগৰ যৌথ উদ্যোগত  শনিবাৰে ইম্ফলৰ বন বিভাগৰ কাৰ্যালয়ত এক তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰ মুকলি কৰা হয়।

শনিবাৰে উদ্বোধন কৰা প্ৰশিক্ষণ শিৱিৰটো ইম্ফল আৰু টামেঙলঙত ৫ ফেব্ৰুৱাৰীলৈকে চলিব।

ইয়াৰ পিছতে ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে অহা ৩১ মে’লৈকে টামেঙলঙ, উখ্ৰুল আৰু সেনাপতি জিলাত থাকিব আৰু স্থানীয় বনকৰ্মীৰ সহযোগত ৰাজ্যখনত বাঘৰ উপস্থিতিৰ হিচাপৰ কাম কৰিব।