• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত হৈ থকা দুদিনীয়া শিশু বিজ্ঞান সন্মিলনৰ সামৰণি : বিজ্ঞানৰ নমুনা প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰীৰ

সভাপতি চামম by সভাপতি চামম
March 18, 2018 10:25 pm
Children_Science_Congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পৰিসৰৰ বাহিৰত থকাসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে সামৰি লোৱা’ (Reaching the Unreached Through Science and Technology) এই শ্ল’গানেৰে আজি ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিঙত সামৰণি পৰিল দুদিনীয়াকৈ পতা শিশু বিজ্ঞান সন্মিলনৰ।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৫ তম অধিৱেশনৰ সমান্তৰালকৈ অনুষ্ঠিত এই শিশু বিজ্ঞান সন্মিলনৰ (Children’s Science Congress) অন্তিম দিনা মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক অদয় প্ৰসাদ পাণ্ডে, ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদযাপন সমিতিৰ সম্পাদক অধ্যাপক ৱাইখম  বিশ্বনাথ সিং, আই এছ চি এৰ সাধাৰণ সম্পাদক অধ্যাপক পি পি মাথুৰ, একেটা অনুষ্ঠানৰ সহকাৰী কাৰ্য্যবাহী সচিব অৰুণ কে পাণ্ডে তথা কোষাগাৰ বিষয়া অধ্যাপক ৰঞ্জিত কুমাৰ বাৰ্মা সামৰণি অনুষ্ঠানটোত উপস্থিত আছিল। উপাচাৰ্য্য পাণ্ডেই তেওঁৰ চমু ভাষণত কয় যে যুৱ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যতৰ বিজ্ঞানী। তেওঁ কয় যে তেওঁ শিশুসকলৰ বিজ্ঞান সন্মিলনক বেছি গুৰুত্ব দিছে। তেওঁ শিশুসকলৰ মগজু অধিক চোকা বুলি কয়।

Apply Now

অনুষ্ঠানটোত হোৱা ৰাজ্যখনৰ বিদ্যালয়বিলাকৰ বিজ্ঞানৰ নমুনা প্ৰতিযোগিতাত ছেইণ্ট জোছেফ হায়াৰ ছেকেণ্ডাৰি বিদ্যালয়ৰ এলবাৰ্ট কেইছামে প্ৰথম পুৰস্কাৰ পায় আৰু ছেইণ্ট মেৰি হায়াৰ ছেকেণ্ডাৰিৰ ফ্লৰেন্স লাৰেমছিমে দ্বিতীয় পুৰস্কাৰ আৰু এলিট একাডেমিৰ কে নাংথৈ শৰ্মাই তৃতীয় পুৰস্কাৰ পায়।

আনহাতে গোটা আৱৰ্জনা ব্যৱস্থাপনা শীৰ্ষক বিষয়বস্তুৰ অধীনত পোষ্টাৰ পেইণ্টিং প্ৰতিযোগিতাত DAV পাব্লিক স্কুলৰ টেলেন খাইডেমে প্ৰথম, পীতাম্বৰ ইংলিছ স্কুলৰ ডেনিছ কেইশ্যাম আৰু ষ্টেণ্ডাৰ্ড ৰ’বাৰ্ট স্কুলৰ থিংগুইজাম পূজা দেৱীয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ পায়। পুৰস্কাৰ পোৱাসকলক ক্ৰমে ৫ হাজাৰ, ৩ হাজাৰ আৰু ২ হাজাৰকৈ টকা আৰু একোখনকৈ প্ৰশংসাপত্ৰ দিয়া হয়।

এই বঁটাপ্ৰাপকসকলৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে একোখনকৈ প্ৰমাণপত্ৰৰ লগতে ১০০০ টকাকৈ উদগনিমূলক পুৰস্কাৰ দিয়া হয়।

জানিব পৰা মতে, অঞ্চলটোৰ বিভিন্ন ঠাইৰ বিদ্যালয়ৰ পৰা অহা মুঠ ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যিক ভিত্তিত পতা বিজ্ঞানৰ নমুনা প্ৰদৰ্শনী প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ মুঠ ৪০জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।

আনহাতে তেলেংগানাৰ পৰা অহা ২৯জন ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ৩২জন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিজ্ঞানৰ নমুনাবোৰ অপ্ৰতিযোগিতাৰ শাখাত প্ৰদৰ্শন কৰিছিল। এই শিশু বিজ্ঞান সন্মিলনখন নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই উদ্বোধন কৰিছিল।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd