মণিপুৰৰ থলুৱা খেলৰ কাহিনীৰে পৰিচালক ওমুং কুমাৰে নিৰ্মাণ কৰিব হিন্দী ছবি

o-570x320

ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি পৰিচালক ওমুং কুমাৰে প্ৰযোজক সন্দীপ সিঙৰ সৈতে যুটী বান্ধি পুনৰ বাৰ দৰ্শকক আমোদ দিবলৈ এখন নতুন ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। মূলতঃ ক্ৰীড়াৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিবলগীয়া ছবিখন হৈছে ‘য়ুবি লুকপি’ (Yubi Lukpi)। ইয়াৰ পূৰ্বে দুয়োজনে ‘চৰবজীত’ শীৰ্ষক ছবিখন নিৰ্মাণ কৰি অভূতপূৰ্ব সফলতা লাভ কৰিছিল।

উল্লেখ্য যে বলিউড ছুপাৰ ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা অভিনীত তথা বক্স অফিচত খলকনিৰ সৃষ্টি কৰা মেৰীকম চিনেমাখনো দুয়োজনৰ যুটীতে নিৰ্মাণ হৈছিল। মণিপুৰৰ জীয়ৰী তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ জীৱনৰ ওপৰত আধাৰিত আছিল উক্ত ছবিখন।

মনকৰিবলগীয়া যে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ছবিখনৰ বিষয়বস্তু হৈছে ‘য়ুবি লুকপি’ নামৰ মণিপুৰৰ এবিধ থলুৱা খেল। নাৰিকলৰ সহযোগত খেলা এইবিধ খেল জনপ্ৰিয় ৰাগবী খেলৰ লগত মিল আছে বুলিও কোৱা হয়।

‘য়ুবি লুকপিৰ জৰিয়তে ভাৰতীয় ৰাগবী দলৰ গতি বিধি লক্ষ্য কৰি আছো। হয়, ভাৰতে ৰাগবী খেল খেলে। আৰু এই খেলবিধক উচিত মাত্ৰা প্ৰদান কৰাৰ এয়া উচিত সময়। এতিয়াও আমি কাহিনীটোৰ ওপৰত কাম কৰি আছো, কাহিনীৰ কাম শেষ হ’লে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিম’, চিনেমাখন প্ৰসংগত পৰিচালক কুমাৰে এইদৰে উল্লেখ কৰে।