NORTHEAST NOW (Assamese)

আৰ্থ-সামাজিক দিশত ভাৰতৰ ভিতৰতে আগবঢ়া মণিপুৰৰ মহিলা : সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন

May 21, 2018 6:08 pm · সভাপতি চামম

পুনেস্থিত মহিলা অধ্যয়ন আৰু প্ৰশিক্ষণ কেন্দ্ৰ ‘দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰ’ই মণিপুৰৰ মহিলাসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত সম্পন্ন কৰা সম্পন্ন কৰা এটা অধ্যয়নৰ জৰীপ প্ৰতিৱেদন মণিপুৰৰ সমাজ কল্যাণ  আৰু নিগম মন্ত্ৰী নেমচা কিপগেন উন্মোচন কৰে। এই প্ৰতিৱেদনখন মণিপুৰ বিশ্ববিদ্যালয়ৰ কোৰ্ট হলত উন্মোচন কৰা হয়।

দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰই প্ৰকাশ কৰা ৫৬ পৃষ্ঠাজোৰা প্ৰতিৱেদনটোত শিক্ষা, স্বাস্থ্য, নিয়োগ, সামাজিক মৰ্যাদা, সামাজিক কাম-কাজ, পৰিয়াল ব্যৱস্থা, বিবাহ ব্যৱস্থা ইত্যাদিত তেওঁলোকৰ ভূমিকা আদিৰ সাংখ্যিক কাৰকৰ ভিত্তিত মহিলা-বিষয়ক বিষয়সমূহৰ ওপৰত গৱেষণা আৰু তথ্য প্ৰতিপাদনৰ লগতে তেওঁলোকৰ জীৱনক ভৌগোলিক অৱস্থা, ৰাজনৈতিক প্ৰেক্ষাপট আৰু ৰাজনৈতিক মানসিকতাই কেনেদৰে প্ৰভাৱিত কৰে তাৰে ওপৰত প্ৰস্তুত কৰা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী নেমচাই কয় যে সংগঠিত কিংবা অসংগঠিত দুয়োটা   খণ্ডতেই আৰ্থ-সামাজিক দিশত মণিপুৰী মহিলাসকলে বিপুল বৰঙণি যোগাই আহিছে আৰু তেওঁলোকৰ উপস্থিতিৰ স্বাক্ষৰ ৰাখিছে। তেওঁ আৰু কয়।

যে বহুতো সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক কাম-কাজত মণিপুৰী মহিলাসকল সাহসী, কৰ্মদক্ষ আৰু সক্ৰিয়।

মহিলা সশক্তিকৰণ আৰু কল্যাণৰ বাবে বলৱৎ কৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভালেমান আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিসমূহে মহিলাসকলক সুৰক্ষা, উন্নত স্বাস্থ্য সুবিধা, পৰ্যাপ্ত শিক্ষা প্ৰদান কৰি তেওঁলোকক নিয়োজিত হোৱাৰ যোগ্যতা প্ৰদান কৰা আৰু তেওঁলোকক আৰ্থিকভাৱে শক্তিশালী কৰিব।

নেমচাই চৰকাৰে বলৱৎ কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ জীৱন সামাজিক আৰু আৰ্থিকভাৱে স্বচ্চল কৰাৰ বাবে মহিলাসকললৈ আহ্বান জনায়। তেওঁ আৰু কয় যে যিকোনো সামাজিক আঁচনিৰ বাবে যোগ্য কাকোৱেই তেওংলোকৰ প্ৰাপ্্যৰ পৰা বঞ্চিত কৰা নহ’ব।

দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰৰ প্ৰতিষ্ঠাত্ৰী ন্যাসৰক্ষী গীতা গুণ্ডেই ভাৰতৰ অন্য প্ৰান্তৰ মহিলা আৰু মণিপুৰৰ মহিলাসকলৰ তুলনা কৰি মণিপুৰী মহিলাসকলৰ আৰ্থ-সামাজিক মৰ্যাদাৰ ওপৰত বক্তব্য ডাঙি ধৰে।

এই অনুষ্ঠানত মণিপুৰৰৰ শিক্ষায়তনিক ক্ষেত্ৰখনৰ ভালেমান বিখ্যাৎ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Related News