বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম এগৰাকী কৰ্মী, বিশিষ্ট নাৰীবাদী লেখিকা, মুক্ত সাংবাদিক, অনুবাদক তথা ঔপন্যাসিক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ দেওবাৰে শুভ উন্মোচন হৈ যায়। বোকাখাত জাতীয় বিদ্যালয় প্ৰাঙ্গনৰ প্ৰয়াস সমুহীয়া পুথিভঁড়াল আৰু গৱেষণা কেন্দ্ৰত আয়োজিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি তথা ঔপন্যাসিক দিলীপ ফুকনে।
গ্ৰন্থখন উন্মোচন কৰি আগবঢ়োৱা নিজৰ ভাষণত বিশিষ্ট কবি দিলীপ ফুকনে কয়— “শিশু সাহিত্যিক সকলৰেই দায়বদ্ধতা আটাইতকৈ বেছি। সেই দায়বদ্ধতা অক্ষুন্ন থাকিলেই আমি ঔপন্যাসিকৰ পৰা ভৱিষ্যতে আৰু অধিক সৃষ্টি লাভ কৰিবলৈ সক্ষম হ’ম।”
এক ভ্রমণ-অনুভূতিক শিল্পৰূপ দিয়েই কুইলিন কাকতিৰ এই শিশু-উপন্যাসখন ৰচিত হৈছে। পিতৃৰ কৰ্মসূত্রে নতুন দিল্লীত বসবাস কৰা শিশু ‘অমন’ৰ আত্মপৰিচয়ৰ সন্ধান আৰু নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক মনোজ্ঞ কাহিনী ইয়াত চিত্ৰিত হৈছে।
অসমৰ মনোমোহা প্রকৃতি, সহজ-সৰল মানুহ, আন্তৰিক আতিথ্য, গ্রাম্য জীৱনৰ সুবাস, পৰম্পৰাগত খেল-ধেমালি, থলুৱা খাদ্যাভ্যাস, লোক-সংস্কৃতি আৰু চিৰায়ত মূল্যবোধৰ সৈতে পৰিচিত হৈ অমনে যি বিমল আনন্দ আৰু আত্মিক পৰিতৃপ্তি লভিছে, তাকেই লেখিকাই অতি সংবেদনশীল ভাষাৰে উপন্যাসখনত ফুটাই তুলিছে।
শিশু সাহিত্য জগতত আত্মনিয়োগ কৰা লেখিকা কুইলিন কাকতিৰ “অমনৰ অসম ভ্ৰমণ” উপন্যাস খনৰ যোগেদি শিশু সকলক সাংস্কৃতিক চেতনা আৰু মানবীয় মূল্যবোধেৰে সমৃদ্ধ এক নতুন বাটৰ সন্ধান দিয়াৰ প্ৰয়াস ফুটি উঠিছে ।
উল্লেখযোগ্য যে কুইলিন কাকতি এগৰাকী লেখিকা, অনুবাদক তথা ব্লগাৰ। কলেজীয়া শিক্ষা জীৱনৰ পৰাই সাহিত্য চৰ্চা অব্যাহত থকা কুইলিন কাকতিয়ে “নাপায়! লৈংগিক সমতাৰ প্ৰত্যাহ্বান”নামৰ এখন নাৰীবাদী গ্ৰন্থ সম্পাদনা কৰাৰ উপৰিও অসমীয়া গল্প সংকলন “ষ্টৰিজ এৰাউণ্ড আছ”,”স্প্ৰীং ছানশ্বাইন”,”ষ্টৰিজ অফ লাভ”,আৰু “ষ্টৰিজ ফ্ৰম ট্ৰেইন” নামৰ সংকলনত তেওঁৰ গল্প প্ৰকাশ পাইছে। লগতে হিন্দী ভাষাৰ নাৰীবাদী গ্ৰন্থ “অলগনি পে অউৰতে”ত তেওঁৰ প্ৰৱন্ধ প্ৰকাশ পাইছে। অসমীয়া, হিন্দী আৰু ইংৰাজীত নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি অহা কুইলিন কাকতিৰ “অমনৰ অসম ভ্ৰমণ” হৈছে প্ৰথমখন শিশু উপন্যাস।
উন্মোচনী সভাত ঔপন্যাসিক কুইলিন কাকতিয়ে উপন্যাসখনৰ সৃষ্টিৰ আঁৰৰ কাহিনী উল্লেখ কৰাৰ লগতে সাম্প্ৰতিক সময়ৰ শিশু সাহিত্য সম্পৰ্কে নিজৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
উক্ত অনুষ্ঠানত প্ৰকাশক তথা গল্পকাৰ টুনুজ্যোতি গগৈ, বিশিষ্ট নিবন্ধকাৰ দ্বীপেন কাকতি, সাংবাদিক ভবানন্দ কলিতা, বুবুল দত্ত, নীলু আচাৰ্য, নিবন্ধকাৰ অলকানন্দ কাকতি, গায়ত্ৰী বৰা কাকতি, কবি-নাট্যকাৰ অমৰ শৰ্মা, প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰ, সম্পাদক সোনেশ্বৰ নৰহ, ইনজু আহমেদ, নীৰেন কাকতি, সুব্ৰত পুৰকায়স্থ, প্ৰাঞ্জল পায়েং আৰু কুইলিন কাকতিৰ পৰিয়ালবৰ্গকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সাংস্কৃতিক কাৰ্যসূচী হিচাপে প্ৰয়াস কাব্য কাননৰ ছাত্ৰী অৰ্পিতা লইঙৰ আবৃত্তি আৰু ৰিম্পী ফুকনৰ কণ্ঠৰ এটি গীতে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কবি- সাংবাদিক পল্লৱ হাজৰিকাই আঁত ধৰা সমগ্ৰ অনুষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থাপনা আছিল “আমাৰ পথাৰ”ৰ হৈ মলয়া পেগু আৰু সহযোগীসকলৰ।



