NORTHEAST NOW (Assamese)

মণিপুৰৰ ম’ৰে-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত ৩৪.৮৬ লাখ টকাৰ সোণৰ বিস্কুট

May 20, 2018 6:04 pm · সভাপতি চামম

মণিপুৰৰ ম’ৰে-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ খুডেংথাবিত শণিবাৰে ১২ নং অসম ৰাইফলছৰ জোৱানে অভিযান চলাই ৭ দোখৰ সোণৰ বিস্কুট উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে খুডেংথাবিত থকা নিৰীক্ষণ চকীত ম’ৰেৰ পৰা ইম্ফল অভিমুখে গৈ থকা এখন মাৰুটি ভানত চলোৱা তালাচিত উক্ত সোণখিনি জব্দ কৰা হয়।

এই সংক্ৰান্তত গাড়ীখনৰ চাকলগৰাকীক আটক কৰি ম’ৰেত থকা Customs Preventive Force ৰ হাতত জব্দ কৰা সোণখিনিৰ সৈতে চমজাই দিয়া হয়। ধৃত চালক গৰাকীৰ ঘৰ মণিপুৰৰ থাউবাল জিলাত বুলি জানিবলৈ দিয়া অসম ৰাইফলছৰ এটা সূত্ৰই তদন্ত চলি থকাৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰাৰ বিৰত থাকে।

আনহাতে উদ্ধাৰ হোৱা সোণখিনিৰ ওজন ১.১৬২ কিলো বুলি উল্লেখ কৰি সূত্ৰটোৱে সোণখিনিৰ বজাৰ মূল্য ৩৪.৮৬ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।

অসম ৰাইফলছৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিমতে যোৱা শুকুৰবাৰেও খুডেংথাবিত থকা উক্ত নিৰীক্ষণ চকীত ১২ নং অসম ৰাইফলছে ৭.৫ লাখ কিয়াট ( ম্যানমাৰৰ মুদ্ৰা)ৰ সৈতে দুজন অনুপ্ৰৱেশকাৰীক আটক কৰিছিল।

Related News