• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত কুকি আৰু নগা মূলৰ ৩৮ জনৰো অধিক লোকক পণবন্দী কৰি ৰাখিছে বিভিন্ন উগ্ৰপন্থী গোটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2026 7:46 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত কুকি আৰু নগা সম্প্ৰদায়ৰ মুঠ ৩৮ জন লোকক বিভিন্ন উগ্ৰপন্থী সংগঠনে পণবন্দী কৰি ৰাখিছে। মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দাস কোনথুউজামে বৃহস্পতিবাৰে এই খবৰ অৱগত কৰাৰ লগতে ৰাজ্যখনত নতুনকৈ হিংসাত্মক পৰিস্থিতি বিয়পি পৰা বুলিও জানিবলৈ দিয়ে।

মণিপুৰৰ প্ৰশাসনিক বিষয়াই জনোৱা মতে, কাংপকপি জিলাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে তিনিজন খ্ৰীষ্টান নেতাক গুলীয়াই হত্যা কৰে। এই ঘটনাত আহত হয় আন চাৰিজন। একে সময়তে ননি জিলাত গুলীচালনাত এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে তেওঁৰ পত্নী আহত হয়।

Apply Now

গৃহমন্ত্ৰী কনথুউজামে কয় যে মুঠতে বিভিন্ন সম্প্ৰদায়ৰ ৩৮ জনতকৈ অধিক লোকক বিভিন্ন গোটে আটক কৰি ৰাখিছে। তেওঁলোকৰ মুক্তি নিশ্চিত কৰিবলৈ আমি বিভিন্ন নাগৰিক সমাজৰ গোট আৰু ৰাজনৈতিক নেতাৰ সৈতে সক্ৰিয়ভাৱে আলোচনা কৰি আছো। সাংবাদিকৰ আগত তেওঁ এইদৰে কয়।

বুধবাৰে সন্ধিয়া ননি জিলাৰ জোজংটেকৰ সমীপত সংঘটিত আক্ৰমণত নিহত এজন সাধাৰণ নাগৰিকৰ পৰিয়ালক সাক্ষাৎ কৰি কনথুউজামে এই মন্তব্য কৰে।

ইম্ফল পূৱ জিলাৰ জেএনআইএমএছ চিকিৎসালয় ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে তিনিজন নগা বিধায়কো উপস্থিত আছিল। তাতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছিল।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, “আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক এই বিষয়ে অৱগত কৰিছো আৰু তেওঁলোকক মুকলি কৰি দিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে। আমি সন্দেহ কৰোঁ যে মণিপুৰলৈ শান্তি ঘূৰি অহাটো কিছুমান লোকে নিবিচাৰে।”

বুধবাৰে সন্ধিয়া টাফৌ কুকি গাঁৱৰ চেয়াৰমেন এল চংলইয়ে সেনাপতি থানাত লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ অভিযোগ কৰে যে ৭খন ট্ৰাক আৰু এখন গাড়ীৰে যাত্ৰা কৰা ২৩জন গাঁৱৰ লোকক অচিনাক্ত ব্যক্তিয়ে অপহৰণ কৰি লৈ যায়। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে গীৰ্জাৰ নেতাসকলৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

ইফালে, বৃহস্পতিবাৰে কুকি-জো আৰু নগা জনগোষ্ঠীয়ে আহ্বান জনোৱা বন্ধৰ বাবে মণিপুৰৰ কমেও তিনিখন জিলা—কাংপকপি, চুৰাচান্দপুৰ আৰু চাণ্ডেলৰ জনজীৱন কাৰ্যতঃ স্তব্ধ হৈ পৰিছে।

প্ৰসংগক্ৰমে ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰ অস্থিৰ হৈ পৰিছে। উত্তৰ-পূবৰ এই ৰাজ্যখনৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া বিবাদ পুনৰ মূৰ দাঙি উঠিছে। ফলত আগন্তুক দুবছৰত দুয়োটা সম্প্ৰদায়ৰ প্ৰায় দুই হাজাৰ লোকৰ মৃত্যু হৈছে। গৃহহাৰা হৈছে পঞ্চাশ হাজাৰ পৰিয়াল।

মুখ্যমন্ত্ৰী সলনিৰ পিছত ৰাজ্যত শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছিল। তাৰ আগতে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন বহুদিনলৈ জাপি দিয়া হৈছিল। তাত সাময়িক শান্তি আহিলেও পুনৰ হিংসাত্মক পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd