মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পৰিদৰ্শন কৰিলে শিক্ষানুষ্ঠানখনৰ বিভিন্ন বিভাগ

manipur-universitry-570x320

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ আদ্য প্ৰসাদ পাণ্ডেয়ে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগ আৰু কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়।

উল্লেখ্য যে বিভাগ সমূহত নিয়াৰিকৈ পাঠদান হৈ আছে নে নাই বা অন্যান্য কাম-কাজ সমূহ সঠিক ৰূপত আগবাঢ়িছে নে নাই সেই সমূহ চাবৰ বাবেই উপাচাৰ্যগৰাকীয়ে অকস্মতে বিভাগ সমূহ পৰিদৰ্শন কৰে বুলি জানিব পৰা যায়।

পৰিদৰ্শনৰ সময়ত তেওঁ বিভাগ সমূহৰ অধ্যাপক, বিষয়া-কৰ্মচাৰী, গৱেষণা কৰি থকা সকলৰ লগতে শিক্ষাৰ্থী সকলৰ লগতো বিভিন্ন বিষয় সম্বন্ধে মত-বিনিময় কৰে। বিশ্ববিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, মণিপুৰ ষ্টাডি চেণ্টাৰ, বায়োটেকন’লজী আদি বিভাগ আৰু কেন্দ্ৰসমূহ উপাচাৰ্যগৰাকীয়ে পৰিদৰ্শন কৰে।

উপাচাৰ্যগৰাকীয়ে বিভাগ সমূহ পৰিদৰ্শনৰ সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীসকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ উপৰি ভৱিষ্যতত বিভাগ সমূহ উন্নয়ন সম্পৰ্কতো বিশদ আলোচনা হয়।

জানিব পৰা মতে কিছু সংখ্যক বিভাগ আৰু কেন্দ্ৰই উপাচাৰ্যগৰাকীৰ ওচৰত পৰ্যাপ্ত পৰিমানৰ শৌচাগাৰৰ নিৰ্মাণৰ প্ৰস্তাব আগবঢ়াইছে।

আনহাতে ৰাজনীতি বিজ্ঞান বিভাগে তেওঁলোকৰ বাবে এটা সুকীয়া পুথিভঁৰালৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে উপচাৰ্য আদ্য প্ৰসাদ পাণ্ডেক।

বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী তথা গৱেষণা কৰি থকা সকলে যাতে উন্নতমানৰ শিক্ষা লাভ কৰে সেই ক্ষেত্ৰত উপাচাৰ্যগৰাকীয়ে বিভাগসমূহৰ মুৰব্বীসকলক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।

ইয়াৰ উপৰি উপাচাৰ্যগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

আনহেত তেওঁ কয় যে যিহেতি মই এই শিক্ষানুষ্ঠানখনৰ মুৰব্বী সেয়ে মই ইয়াৰ উত্তৰণৰ বাবে কৰিবলগীয়া সকলো কৰি যাম।