এন্দ্ৰইড এপত উপলব্ধ হ’ল ২০১৮-১৯ চনৰ অসম বাজেট। FinAssam নামেৰে গুগল এপ ষ্ট’ৰত উপলব্ধ এই এপটো ডাউনল’ড কৰি এন্দ্ৰইডযুক্ত যিকোনো ম’বাইল বা টেবলেটত এইবাৰৰ বাজেটখন পাব পৰা যাব।
বাজেটৰ সকলো তথ্য বা দলিল এই ম’বাইল এপটোৰ যোগেদি ৰাইজৰ বাবে সুলভ হ’ব।
গুগল এপ ষ্ট’ৰত থকা এপটোৰ বিৱৰণত কোৱা হৈছে যে সীমিত সা-সুবিধাৰে প্ৰাৰম্ভিকভাৱে এপতো মুকলি কৰা হৈছে আৰু ব্যৱহাৰকাৰীৰ মতামতৰ আলমত পৰৱৰ্তী সময়ত অধিক সা-সুবিধা আগবঢ়োৱা হ’ব।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি গুগল এপৰ যোগেদি বাজেট ৰাজহুৱা কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য।
যোৱা দেওবাৰে বাজেট দাখিলৰ আগদিনা মন্ত্ৰীজনে এক সংবাদমেলত অন্ধ্ৰ প্ৰদেশৰ পিছতে অসম ই-বাজেট দাখিল কৰা দ্বিতীয় ৰাজ্য বুলি উল্লেখ কৰাৰ লগতে এই বাজেট এপ মুকলিৰ কথাও ঘোষণা কৰিছিল।
সংবাদমেলত তেওঁ কৈছিল যে ৰাজ্যৰ বাজেট ৰাজহুৱাকে আগবঢ়োৱা অসম হ’ল দেশৰ প্ৰথম ৰাজ্য।
উল্লেখযোগ্য যে বিধায়কসকলক এইবাৰ বাজেটখন এটা টেবলেটত দিয়াৰ লগতে অসমৰ বিভিন্ন বাতৰি কাকতৰ সৈতে ৰাইজলৈ এইবাৰৰ বাজেটখন বিশেষ পৰিপূৰিকা হিচাপে আগবঢ়োৱা হৈছে।