মহানগৰীৰ খানাপাৰাত কাইলৈৰ পৰা ১০দিনীয়াকৈ “আদি মহোৎসৱ” : আদিবাসীসকলৰ জীৱনধাৰাক তুলি ধৰাৰ লক্ষ্য

TriFed
উত্তৰ পূৰ্বাঞ্চলৰ আদিবাসী জনজাতীয় লোকসকলৰ জীৱনৰ মান উন্নত কৰাক লক্ষ্য হিচাপে লৈ মহানগৰীৰ গণেশ মন্দিৰ ইণ্ড’ৰ ষ্টেডিয়ামত ষষ্ঠ আদি মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। কাইলৈৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে ১০ দিনীয়া কাৰ্য্যসূচীৰে ‘ট্ৰাইফেড’ৰ উদ্যোগত ‘আদি মহোৎসৱ’ নামেৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব। আজি এক সংবাদমেল যোগে ট্ৰাইফেডৰ মুখ্য সঞ্চালক প্ৰবীৰ কৃষ্ণই এই কথা জানিবলৈ দিয়ে। তেওঁ কয় ”আদিবাসী জনজাতীয় লোকসকলৰ কাৰু-শিল্প, সংস্কৃতি, ৰন্ধনপ্ৰণালী, ব্যৱসায়-বাণিজ্যক এটা নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে এই মহোৎসৱ আয়োজন কৰা হৈছে।”
উল্লেখযোগ্য যে ইয়াৰ আগতে এই মহোৎসৱ ক্ৰমে দিল্লী, জয়পুৰ, ভূপাল, ৰাঁচী আৰু ছত্তিছগড়ত অনুষ্ঠিত হৈছিল। যোৱাবছৰ দিল্লীত অনুষ্ঠিত হোৱা এই মহোৎসৱত কোটি কোটি টকাৰ হস্তনিৰ্মিত সামগ্ৰী বিক্ৰী হৈছিল বুলি প্ৰবীৰ কৃষ্ণাই সদৰী কৰে।
দেশৰ ২০ খন ৰাজ্যৰ ১৫০ গৰাকী কাৰুশিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি তেওঁ আজিৰ সংবাদমেলত উল্লেখ কৰে। লগতে এই মহোৎসৱত পৰম্পৰাগত খাদ্য, সাজ-পোচাক আৰু অন্যান্য সামগ্ৰীৰ ৭০ খনৰ অধিক বিপণি থাকিব।
সংবাদমেলখনত প্ৰবীৰ কৃষ্ণাই উল্লেখ কৰে যে ট্ৰাইফেডে দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া জনজাতি শিল্পী আৰু উদ্যোগীসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ। এই শিল্পী আৰু উদ্যোগীসকলে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিলে তেওঁলোকৰ উৎপাদনৰ পৰা মুনাফা লাভ কৰা মধ্যভোগীসকলৰ পৰা ৰেহাই পাব। লগতে প্ৰথমবাৰৰ বাবে জনজাতিসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ত ক্ৰেডিট কাৰ্ড আৰু ডেবিড কাৰ্ড ব্যৱহাৰ কৰা হ’ব বুলি প্ৰবীৰ কৃষ্ণাই জানিবলৈ দিয়ে।
তদুপৰি বনত উৎপন্ন হোৱা সামগ্ৰীসমূহ সংগ্ৰহ কৰি আদিবাসী লোকসকলে যাতে তাৰ পৰা উন্নতমানৰ সামগ্ৰী নিৰ্মাণ কৰিব পাৰে তাৰ প্ৰতিও এই মহোৎসৱত লক্ষ ৰখা হৈছে বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব বুলি প্ৰবীৰ কৃষ্ণাই জানিবলৈ দিয়ে।
এই ক্ষেত্ৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অসম চৰকাৰে দ্বায়িত্ব প্ৰদান কৰিছে বুলি তেওঁ সদৰী কৰে।
তাৎপৰ্য্যপূৰ্ণভাৱে ট্ৰাইফেডৰ সঞ্চালকজনে মন্তব্য কৰি কয় “আমি আদিবাসী কাৰুশিল্পী সকলক শিকোৱাৰ প্ৰয়োজন নাই, বৰঞ্চ তেওঁলোকৰ পৰা আমি তেখেতসকলে কেনেদৰে অতি কষ্ট স্বীকাৰ কৰি নিজ হাতেৰে প্ৰকৃতিত সহজলভ্য সামগ্ৰীৰ পৰা উন্নতমানৰ সামগ্ৰীৰ প্ৰস্তুত কৰে, সেই জ্ঞান আহৰণ কৰা উচিত।”
১০ দিনীয়াকৈ হ’বলগীয়া এই মহোৎসৱত প্ৰত্যেকদিনাই উত্তৰ-পূৰ্বাঞ্চলৰ আদিবাসী লোকসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশিত হ’ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।
এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰি ছত্তিশগড়, মধ্যপ্ৰদেশ,  উৰিষ্যা, হিমাচল প্ৰদেশ, গুজৰাট, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশকে ধৰি মুঠ ২০খন ৰাজ্যৰ কলা-কুশলীসকলে তেওঁলোকৰ শিল্প প্ৰদৰ্শন কৰিব।
বিপণিসমূহত নানা ৰকমৰ হস্তনিৰ্মিত বস্ত্ৰ, নৃ-গোষ্ঠীয় গহনা, চীনা মাটিৰ পাত্ৰ, পেইণ্টিঙৰ লগতে আদিবাসী পৰম্পৰাগত খাদ্য পোৱা যাব বুলি জানিব পৰা গৈছে।
https://youtu.be/-16fdOCXDXY