মহানগৰীত পুনৰ বাঘৰ আতংক

অসমৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ সমান্তৰালভাবে মহানগৰীৰ জালুকবাৰীত বাঘৰ বিচৰণে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। জালুকবাৰীৰ গাড়ীগাওঁত এটা বাঘে নিশা মুক্তভাবে  বিচৰণ কৰি থকাত  অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা-দুৱা লগাটো পৰিলক্ষিত হৈছে। জানিব পৰা মতে বাঘটোৱে নিশা গাড়ীগাওঁৰ এঘৰ মানুহৰ চোতালত মুক্তভাৱে বিচৰণ কৰি আছিল। ঘৰৰ গৃহস্থই বাঘটো দেখা পাই চিঞঁৰ-বাখৰ লগোৱাত গাঁৱৰ সকলো ৰাইজ ওলাই আহে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে গাওঁ খনৰ প্ৰায়সংখ্যক ৰাইজ লগ হৈ বাঘটোক খেদাই পঠোৱাৰ চেষ্টা কৰে। ইফালে ৰাইজে ফটকা ফুটাই বাঘটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ফটকাৰ শব্দ শুনি বাঘটোৱে জংঘলত প্ৰবেশ কৰে । কিন্তু কোন সময়ত বাঘে অঞ্চলবাসীৰ মাজত সন্ত্ৰাস চলাব পাৰে তাক লৈ জালুকবাৰী বাসী ৰাইজ শংকিত হোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে মহানগৰবাসীৰ বাবে বাঘৰ আতংক অথবা সন্ত্ৰাস নতুন কথা নহয়, এযা এক উদাহৰণ হে মাথো। কেইদিনমান পূৰ্বে এইখন মহানগৰীতে এঘৰৰ ড্ৰয়িং ৰূমৰ আলহী হৈছিল এটা নাহৰফুটুকী বাঘ। তদুপৰি মহানগৰীৰ মালিগাওঁ, কামাখ্যা, পাঞ্জাবাৰী, নুনমাটি আদি বিভিন্ন অঞ্চলত বাঘে সন্ত্ৰাস চলোবাটো পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আক্ৰমণত কেইবাগৰাকী মহিলা, শিশুকে ধৰি আন কেইবাজনো লোক বাঘৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। সৌ সিদিনা নাহৰকটীয়া অঞ্চলত বাঘৰ আক্ৰমণত এগৰাকী মহিলাই মৃত্যুক সাবটি লোৱাৰ লগতে আন বহুকেইজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।  বাঘৰ আতংকত কম্পমান হোৱা জনতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ অভাৱৰ বাবে এনেদৰেই নিশা হ’লে বনৰ ৰজা বাহিৰলৈ ওলাই আহে আৰু মানুহকে ধৰি গৰু ছাগলীক চিকাৰ হিচাপে বাছি লয়। এনে পৰিস্থিতিতো বনবিভাগে কোনোধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ  উত্থাপন কৰিছে আতংকিত ৰাইজে।

ৰাজ্যৰ কোনো প্ৰান্তত যদি দৈনিক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে তাৰ বিপৰীতে আকৌ বাঘৰ আক্ৰমণত প্ৰাণ গৈছে আন বহুকেইজন লোকৰ। অন্যহাতে ৰেলৰ খুন্দাত, বিদ্যু্ৎস্পৃষ্ট হৈ অথবা অন্য কোনো কাৰণত দৈনিক গড়ে দুই-তিনিটাক হাতীয়ে মৃত্যুক সাবটি লৈছে। গভীৰ নিদ্ৰাত মগ্ন বনবিভাগে এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ  অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো  পৰিলক্ষিত হৈছে।