মহিলা বিশ্ববিদ্যালয় ৰক্ষা কৰাৰ দাবীত সমগ্ৰ ৰাজ্যতে আছুৰ প্ৰতিবাদী কাৰ্যসূচী

28-03-18 Nalbari- AASU sit-in demonstration (2)

অসম মহিলা বিশ্ববিদ্যালয় ৰক্ষাৰ দাবীত বুধবাৰে নলবাৰীত আছুৰ অৱস্থান ধৰ্মঘট

যোৰহাটস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈছে। ইয়াৰ সমান্তৰালকৈ আজি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যতে মহিলা বিশ্ববিদ্যালয় ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

জানিব পৰা মতে অসমৰ প্ৰত্যেকখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য-সদস্যা তথা ছাত্ৰ-ছাত্ৰীসকলে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ সভাপতি দীপাংক নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে যে  ‘অসম বিধান সভাৰ আইন অনুসৰি স্থাপন কৰা একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসমৰ জনসাধাৰণৰ স্বাভিমান। এই স্বাভিমনাক আঘাত নকৰিবৰ বাবে আমি অসম চৰকাৰক সকীয়াই দিছো। প্ৰধান মন্ত্ৰীয়ে সততে কৈ থকা বেটী বচাও বেটী পঢ়াও কথাষাৰৰ অসম চৰকাৰে অপমান কৰিছে।‘

আনহাতে, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে যুটীয়াভাবে প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি ‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰে মহিলা বিশ্ববিদ্যালয়খন স্থাপন কৰিলে, কিন্তু এজন স্থায়ী উপাচাৰ্য্যৰ নিযুক্তি দিব নোৱাৰিলে। বৰ্তমানৰ চৰকাৰখনক পৰিবৰ্তনৰ আশাত অসমৰ জনসাধাৰণ বিশেষকৈ নৱপ্ৰজন্মই মতদান কৰিছিল যদিও ছাত্ৰীসকলৰ সপোনক লৈ তেওঁলোকে উপলুঙা কৰিলে। সেয়েহে আজি সমগ্ৰ ৰাজ্যতে ছাত্ৰ সন্থা আন্দোলনত নামি পৰিছে।‘

তদুপৰি সদৌ অসম ছাত্ৰ সন্থাৰ দাবীসমূহৰ সন্দৰ্ভত তেওঁলোক দুগৰাকীয়ে কয়, ‘মহিলা বিশ্ববিদ্যালয় নামটো ৰাখি ইয়াক পূৰ্ণপৰ্য্যায়ৰ ৰূপ দিয়ক। এগৰাকী স্থায়ী উপাচাৰ্য্য নিযুক্তি দিয়ক। লগতে নতুন নতুন বিষয় অন্তৰ্ভূক্ত কৰক আৰু পৰ্য্যাপ্ত স্থায়ী শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি দিয়ক। আধুনিক সৰ্বাঙ্গসুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ কৰক।‘

তাপৰ্পূৰ্ণভাৱে, নেতা দুগৰাকীয়ে বিজেপি চৰকাৰক প্ৰতিশ্ৰুতিৰ বাদে কৰ্মৰে পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়। লগতে এই দাবীসমূহ পূৰণ নকৰিলে ভৱিষ্যতে  আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে মুখ্য মন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰাৰ কথাও সদৰী কৰে।