NORTHEAST NOW (Assamese)

মাক-দেউতাকৰ মৃতদেহ চাবলৈও নগ’ল কাঠচিতীয়া পুত্ৰ দেৱাশিস খাৰঘৰীয়া; বায়েকে দিলে গোচৰ

July 2, 2018 9:37 pm · এন ই নাও নিউজ
Updated: July 2, 2018 11:25 pm
সুদিনত ভূপেন হাজৰিকাৰ সৈতে ৰজনী খাৰঘৰীয়া।

আতোলতোলকৈ ডাঙৰ কৰা নিজ সন্তানৰ অৱহেলা-অপমানত ১ জুলাইত আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা শিৱসাগৰৰ দম্পতী ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ কাঠচিতীয়া পুত্ৰ দেৱাশিস খাৰঘৰীয়াৰ এতিয়াও হৃদয় নগলিল। মাক-দেউতাকে ভাৰাঘৰতে একেলগে আত্মহত্যা কৰাৰ পিছতো মৃতদেহ দুটাকো চাবলৈ নগ’ল দেৱাশিষ খাৰঘৰীয়া।

আনহাতে দেৱাশিষ খাৰঘৰীয়াৰ ৩গৰাকী বায়েকৰ মাজৰে সৰু বায়েকে মাক-দেউতাকৰ মৃত্যুৰ বাবে ভায়েকক জগৰীয়া কৰি আজি শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পুতেক-বোৱাৰীয়েকৰ অত্যাচাৰত ভাৰাঘৰত বাস কৰিবলৈ বাধ্য হোৱা ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই ১ জুলাইত ভাৰাঘৰতে আত্মহত্যা চিপজৰী লৈ আত্মহত্যা কৰিছিল। এই হৃদয়বিদাৰক ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনতে সচেতন লোকৰ মন-মগজু জোকাৰি গৈছে।

আজি দুয়োজনৰ মৃতদেহ তেওঁলোকৰ নিজা গাওঁ শিৱসাগৰৰ ধিতাইপুখুৰী ভাজনী গাঁৱলৈ নি সৎকাৰ কৰা হয়।

আনহাতে আজি খাৰঘৰীয়া পৰিয়ালত আন এটা শোকাৱহ ঘটনা ঘটে। আজি হৃদৰোগত আক্ৰান্ত হৈ পুৱা মৃত্যুক সাৱটি লয় ৰজনী খাৰঘৰীয়াৰ সম্পৰ্কীয় বোৱাৰীয়েক ৰীতা খাৰঘৰীয়াই। জানিব পৰামতে, ৰজনী আৰু ৰুবী খাৰঘৰীয়াৰ মৃত্যুত শোকত ভাগি পৰিছিল বোৱাৰীয়েক ৰীতা খাৰঘৰীয়া। এই ঘটনায়ো গোটেই বংশ-পৰিয়ালক অধিক মৰ্মাহত কৰি তুলিছে।

Related News