মাছখোৱাত জৈৱিক খাদ্য-সামগ্ৰীৰে উৰুকা মেলা আৰু ভোগালী উৎসৱৰ আয়োজন

ভোগালী বিহু

অজিৰ পৰা ডেৰশ বছৰৰ আগতে গুৱাহটীৰ মাছখোৱাত হিন্দু-মুছলমান সকলো মিলি সমূহীয়া ভোজভাতৰ মাজেৰে ভোগালী বিহু উদযাপনৰ এক পৰম্পৰা প্ৰচলিত অছিল।

পাহৰণিৰ গৰ্ভত হেৰাই যোৱা উক্ত পৰম্পৰা পুনৰুদ্ধাৰ কৰি যোৱা বছৰৰ পৰা পুনৰ একেদৰে মাছখোৱাত ভোগালী বিহু উদযাপনৰ দিহা কৰি অহা হৈছে।

যোৱা বছৰৰ মাছখোৱাৰ ভোগলী উৎসৱে গুৱাহাটীৰ সুধী সমাজৰ পৰা ব্যাপক সহাৰি লভা আৰু প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা সুত্ৰে এইবাৰো মাছখোৱাবাসীৰ মাজত সথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে আৰু অহা ১৩ জানুৱাৰী তাৰিখে উৰুকা উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে ।

এইবাৰ উৰুকাৰ লগত সংগতি ৰাখি ১১ আৰু ১২ জানুৱাৰি তাৰিখে জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য-সামগ্ৰীৰ এখন উৰুকা মেলাৰো আয়োজন কৰা হৈছে । মাছখোৱাৰ ছাৰ ছাদুল্লা উদ্যান উন্নয়ন সমিতি আৰু মাছখোৱা ভোগালী উৎসৱ ২য় বৰ্ষ উদযাপন সমিতিৰ যৌথ উদ্যোগত আৰু অৰ্গেনিক ৰঙিয়া কো-অপাৰেটিভ চছাইটিৰ সহযোগত তথা চছাইটি ফৰ প্ৰমোচন অফ ৰুৰেল এডুকেচন এণ্ড এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট, নৰ্থ ইষ্ট চমুকৈ স্প্ৰেড এন ই’ৰ কাৰিকৰী সহযোগত উক্ত উৰুকা মেলাৰ আয়োজন কৰা হৈছে ।

ৰঙিয়া অৰ্গেনিক কো-অপাৰেটিভ চছাইটিৰ অন্তৰ্গত কৃষকৰ দ্বাৰা উৎপাদিত শাক, পাচলি, জহা চাউল, বৰা চাউল, চিৰা, পিঠা, লাড়ু, দৈ, ক্ৰীম, গুড়, হাহ, কুকুৰা, মাছৰ উপৰিও মাছখোৱাৰ স্থানীয় গৃহিনী সকলে ঘৰত তৈয়াৰ কৰা পিঠা, লাড়ু আৰু অন্যান্য খাদ্য সামগ্ৰী, অসমীয়া গহনা, ফুড প্ৰচেছিঙৰ মেছিন, কৃষি সজুলি আৰু ফুলৰ পুলি মছখোৱাৰ উৰুকা মেলাৰ অন্যতম আকৰ্ষণ হ’ব । ১১ জানুৱৰিৰ দিনৰ এঘাৰ বজাত উৰুকা মেলা উদ্বোধন কৰিব গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱাই।

উদ্বোধনী অনুষ্ঠানৰ লগতে আয়োজিত এক বক্তৃতা অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা: জয়ন্ত দাসে বয়োজ্যেষ্ঠ নাগৰিকৰ মানসিক উৎকৰ্ষ সাধনৰ বিষয়ে চমু বক্তৃতা প্ৰদান কৰিব । উদ্যক্তা সকলে উক্ত সকলো অনুষ্ঠানত অংশগ্ৰহন কৰি জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা সকলক উৎসাহিত কৰিবলৈ আৰু উৰুকা মেলা সফল কৰি তুলিবলৈ আহ্বান জনাইছ ।