আজি মাজুলীমুখী এখন ফেৰিত এক অঘটন সংঘটিত হয়। নিমাতিৰ পৰা মাজুলী কমলাবাৰী ফেৰি ঘাটলৈ আহি থকা এখন ফেৰিৰ পৰা এজন যাত্ৰী আকস্মিকভাৱে ব্ৰহ্মপুত্ৰত পৰে।
প্ৰাপ্ত তথ্য মতে, আজি দিনৰ প্ৰায় ৩:৩০ বজাত নিমাতিৰ পৰা অহা ফেৰিখনে কমলাবাৰী ঘাট পাবলৈ কিছুদূৰ থাকোতেই এই দুৰ্ঘটনা সংঘটিত হয়। লোকজন ব্ৰহ্মপুত্ৰত পৰা তৎমুহুৰ্ততে হুৱা দুৱা লাগে ফেৰীখনত।
যাত্ৰীজনক মাজুলীৰ খোনাচুক গাঁৱৰ ২২ বছৰীয়া ৰুহিত বৰা বুলি জানিব পৰা গৈছে।
আনহাতে যে যাত্ৰী গৰাকীক বিচাৰি নোপোৱাত এচ ডি আৰ এফত খবৰ দিয়া হৈছিল যদিও তেওঁলোক বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ তোলি একাংশ লোকে তেওঁলোকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়। তদুপৰি জলপৰিবহণ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ একাংশই যাত্ৰীয়ে।
নিখোজ ৰুহিত বৰাক বিচাৰি বৰ্তমান অভিযান চলাই থকা হৈছে যদিও বাতৰি লিখা পৰলৈকে তেওঁৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। উক্ত ঘটনাৰ পিছতে মাজুলীৰ ফেৰী ঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।