মাজুলীত ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

অসমৰ কলা-সংস্কৃতিৰ পদ্ধতিগত অধ্যয়নৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ আধাৰশিলা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত স্থাপন কৰে।

মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত এই উপলক্ষে অনুষ্ঠিত সভাতে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধীনত মাজুলীত নিৰ্মাণ কৰিব লগীয়া এটা পঞ্চায়ত সমল কেন্দ্ৰ আৰু এটা আৰক্ষী অতিথিশালাৰো আধাৰশিলা স্থাপন কৰে।

আনহাতে মাজুলীক এখন আদৰ্শ জৈৱিক ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ পোষকতা কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৪.৫ কোটি টকাৰে জৈৱিক পদ্ধতিৰে কৃষি সামগ্ৰীৰ উৎপাদন কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনলৈ পুঁজি মোকলাই দিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিগত দুটা বছৰত প্ৰায় ১ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ কাম মাজুলীত আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে, ‘এয়া ৰাইজৰ ধন আৰু এই ধন ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হ’লে ৰাইজ উপকৃত হ’ব।’

মুখ্য মন্ত্ৰী সোণোৱালে নৌকা শিল্পৰ সৈতে জড়িত শিল্পীসকলকো উৎসাহিত কৰাৰ বাবে শীঘ্ৰে নৌকা শিল্পৰ ওপৰত এটি প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে অৱগত কৰে।

অসম চৰকাৰৰ শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সভাত ভাষণ প্ৰসংগত অসম চৰকাৰে শীঘ্ৰে মাজুলীত এখন মহাবিদ্যালয় আৰু পলিটেকনিকৰ কামো আৰম্ভ কৰিব।

আজিৰ সভাত অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক সৰ্বেশ্বৰ পেগু তথা কৃষি বিভাগৰ সঞ্চালক এম এছ মণিৱন্ননেও সভাত ভাষণ প্ৰদান কৰে।

আনহাতে মাজুলী জিলাৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে জিলাখনৰ ১০ টা কৃষক গোটলৈ ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত ট্ৰেক্টৰ বিতৰণ কৰে।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে মাজুলীৰ ১৫ গৰাকীক সাংবাদিকক তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰা স্বীকৃতি পত্ৰও বিতৰণ কৰে।

তাৰোপৰি ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত পতিত ব্যক্তিক উদ্ধাৰ কৰা ‘জলপৰী’ নামৰ ফেৰীখনৰ স্বত্বাধিতাকীৰ আৰু কৰ্মচাৰী সকলকো মুখ্য মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ লগতে উন্নয়ন মূলক প্ৰকল্পৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, প্ৰগতিশীল কৃষক বিনয় লিখক, মাজুলীৰ কেইবা গৰাকীও সত্ৰাধিকাৰ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।