মাজুলীলৈ সোণোৱাল, বৃহস্পতিবাৰে মুকলি কৰিব নতুন ৪খন জাহাজৰ সেৱা

majuli

অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ পৰা যাতায়াতৰ বাবে আগবঢ়োৱা নতুন জাহাজ ৪খনৰ সেৱা বৃ্হস্পতিবাৰে মুকলি কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৃহস্পতিবাৰে পুৱা ১১ বজাত কমলাবাৰী ফেৰি ঘাটত জাহাজ কেইখনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকিব।

এই উপলক্ষে কমলাবাৰী ঘাটৰ সমীপৰ আলিমূৰ মিচিং গাঁৱত দিনৰ ১১:৩০ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্য মন্ত্ৰীয়ে বিধায়ক পুঁজিৰ অধীনৰ মাজুলীৰ ৩৬গৰাকী জটিল ৰোগত আক্ৰান্ত লোকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব।

একেখন সভাতে ৪০টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে মাটিৰ পট্টাও প্ৰদান কৰাৰ লগতে চৰ উন্নয়ন আঁচনিৰ অধীনত মাজুলীৰ ১০গৰাকী দুখীয়া হিতাধিকাৰীক ই-ৰিক্সা আৰু ১০টা কৃষক গোটক হেণ্ড পাম্পো বিতৰণ কৰিব।