মাজুলীৰ দুই লাখ লোকৰ চিকিৎসাক লৈ চৰকাৰৰ হেতালি : অসাৰ হিমন্ত বিশ্বৰ আশ্বাস

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ চিকিৎসা খণ্ডত চলিছে চৰম অৰাজকতা। জিলাখনৰ দুই লাখ লোকৰ বিপৰীতে থকা গড়মূৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনত চিকিৎসকৰ লগতে পাবলৈ নাই ন্যুনতম চিকিৎসা সুবিধাও।

১০০খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ দুখীয়া পৰিয়ালৰ লোকসকলে।

শল্য, চকু বিশেষজ্ঞকে ধৰি কেইবাটাও বিভাগৰ চিকিৎসক নথকাত মাজুলীৰ বাহিৰত গৈ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব লগা হৈছে ৷

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন ভ্ৰমণ কৰি জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ লগতে চিকিৎসালয়খনত উপযুক্ত সা-সুবিধা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ এবছৰ উকলি যোৱাৰ পিছতো কোনো পৰিৱৰ্তন নহ’ল।

যাৰ ফলত প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ সময়ত যোৰহাটৰ চিকিৎসালয়ৰ পৰা প্ৰসূতিৰ আত্মীয়ই তেজ আনি  দিলেহে প্ৰসূতিৰ জীৱন ৰক্ষা পৰে ৷

জিলা গঠন হোৱা এতিয়া দুবছৰ  সম্পুৰ্ণ হ’ব হ’ল যদিও জিলাখনৰ মূল চিকিৎসালয়খনৰ এই ৰূপে জিলাবাসীৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।

যাৰ পৰিপ্ৰেক্ষিতত আজি চিকিৎসালয়খনৰ উন্নিতকৰণ, প্ৰতিটো বিভাগত বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ লগতে সকলো সমস্যা সমাধানৰ দাবীত মাজুলী যুৱ কংগ্ৰেছে চিকুৎসালয়ৰ প্ৰাঙ্গনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰাইজ তথা সংগঠনসমূহে বাৰম্বাৰ জনাই অহা অভিযোগ তথা প্ৰতিবাদৰ পিছতো এতিয়ালৈকে গা নলৰা স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত এইক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।