গুৱাহাটী মহানগৰীৰ বিভিন্ন পাহাৰ আৰু অন্যান্য ঠাইত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা দুখীয়া, দিন-হাজিৰা কৰা মানুহৰ ভূমিৰ অধিকাৰ আৰু মাটিৰ পট্টাৰ দাবীত কৰা আন্দোলনৰ বৃহত্তৰ স্বাৰ্থত নিজৰ জীৱনক উৎসৰ্গা কৰা প্ৰণৱ বড়োৰ স্বপ্ন আজিও পূৰ্ণ নহ’ল। আজিও একেখিনি মানুহে মাটিৰ পট্টাৰ দাবীত আন্দোলন অব্যাহত ৰাখিব লগীয়া হৈছে।
আনহাতে আত্মজাহ দিয়া প্ৰণৱ বড়োৰ পত্নী পূৰ্ণিমা বড়োৱেও চাৰি বছৰেও নাপালে কোনো চৰকাৰী সাহায্য। নাপালে ভূমিৰ অধিকাৰ। এতিয়াও তেওঁৰ জীৱন চলে দিন হাজিৰাৰ ওপৰত নিৰ্ভৰ কৰি।
আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজিত চহিদ দিৱসত অংশগ্ৰহণ কৰি চহিদ কৃষক নেতাজনৰ পত্নী পূৰ্ণিমা বড়োৱে নৰ্থ-ইষ্ট নাওক এই বিষয়টোত নিজৰ হতাশা প্ৰকাশ কৰে।
আজি নৰ্থ-ইষ্ট নাওৰ আগত পূৰ্ণিমা বড়োৱে কয়, “ঠগবাজিৰ চৰকাৰে আমাক এতিয়ালৈকে একো দিয়া নাই। দিন হাজিৰা কৰি যেনেতেনে চলি আছো। স্বামী নাই যিহেতু ঘৰ চলোৱাত বহুত অসুবিধা হৈছে।”
তদুপৰি নিজৰ বাবে এটুকুৰা ভূমি বিচাৰি নাপাই অৱশেষত স্বামীয়ে আত্মজাহ দিব লগা হ’ল বুলি কৈও তেওঁ আমাৰ আগত দুখ প্ৰকাশ কৰে। তেওঁ কয় যে আত্মজাহ দিলে কিজানিবা ভূমিহীন লোকসকলক চৰকাৰে পট্টা দিয়ে, সেই ভাবিয়েই প্ৰণৱ বড়োৱে আত্মজাহ দিছিল।
উল্লেখযোগ্য বিগত কংগ্ৰেছ চৰকাৰৰ দিনত ভূমিৰ অধিকাৰ বিচাৰি বহুকেইজনে আৰক্ষীৰ গুলীত মৃত্যুক আঁকোৱালি লৈছিল যদিও আজি পৰ্য্যন্ত ভূমিৰ পট্টা নাপালে এই দুৰ্ভগীয়া লোকসকলে।
এই আন্দোলনৰ অংশস্বৰূপে কৰা এটা প্ৰতিবাদী কাৰ্য্যসূচীত ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰিত দিচপুৰস্থিত সচিবালয়ৰ সন্মুখত গাত পেট্ৰ’ল ঢালি আত্মজাহ দিছিল কৃষক মুক্তিৰ নেতা প্ৰণৱ বড়োৱে।
আনহাতে ইয়াৰ পূৰ্বে ২০১১ চনৰ ২২ জুনত পট্টাৰ আন্দোলনত অংশগ্ৰহণ কৰি আৰক্ষীৰ গুলীত বীৰেন কলিতা, শিৱকুমাৰ চৌহান আৰু ৯ বছৰীয়া ৰাহুল আলীয়ে মৃত্যুক সাবটি লৈছিল।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই দিনটোত আজি লক্ষীধৰ বৰা ক্ষেত্ৰত চহিদ দিৱস উদযাপন কৰাৰ উপৰি তিনিঘণ্টা ধৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে থলুৱা লোকসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলি বৰ্তমানৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে।
কৃষক মুক্তিৰ উপদেষ্টাজনে চৰকাৰক দাবী জনাই কয় যে বানপীড়িত তথা গৰাখহনীয়াৰ ফলত নিজৰ ভূমি হেৰুৱাই যিসকল ভূমিহীন লোকে একঠা-দুইকঠা মাটি দখল কৰি আছে, সেই লোকসকলক মাটিবিলাকৰ পট্টা প্ৰদান কৰিব লাগে।
তেওঁ কয়, “খিলঞ্জীয়া লোকসকলক ভূমি প্ৰদান কৰিব চৰকাৰে নোৱাৰে, কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধনীৰ জৰিয়তে লাখ-লাখ হিন্দু বাংলাদেশীক সংস্থান দিব বিচাৰে। তাৰ উপৰি ৰামদেৱ অথবা অন্যান্য পুঁজিপতি-বণিয়াকো হাজাৰ-হাজাৰ বিঘা ভূমি প্ৰদান কৰিছে।”
অৱস্থান ধৰ্মঘটৰ পিছত কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে থলুৱাসকলক উচ্ছেদ কৰা কাৰ্য্য স্থগিত ৰাখিবৰ বাবে আহ্বান জনায় লগতে ভূমিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে।