গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাখনৰ গ্ৰামোন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে ভূমি বেদখলকে ধৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ বিষয়া, একাংশ কনিষ্ঠ অভিযন্তা আৰু গাওঁ পঞ্চায়তৰ একাংশ সভাপতি-সম্পাদকৰ সৈতে মিলি দলেই এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰি আজি ১২ এপ্ৰিলত সংগঠনটোৱে মুখ্যমন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী আৰু জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
বোকাখাত টাউনত ১ কঠা ৪ লোচা মাটি বিষয়াগৰাকীয়ে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগত সংগঠনটোৱে বোকাখাত আৰক্ষী থানাত এটা গোচৰ ৰজু কৰিছে আৰু মাটিখিনি বেদখলমুক্ত কৰাৰ লগতে বিষয়াগৰাকীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰো এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।
বিষয়াজনৰ দুৰ্নীতিৰ ফলত আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া জীৱ-জন্তু মৰিব লগা হৈছে বুলি বোকাখাতত অনুষ্ঠিত এক প্ৰে’ছ মেলত দাবী কৰি সংগঠনটোৰ গোলাঘাট জিলাৰ সম্পাদক ৰতন দাৱে অভিযোগ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে ৪৭ লাখ ৬ হাজাৰ ৯২৩ টকা খৰচ কৰাৰ পাছতো ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে সম্পূর্ণ নহ’ল হাইলেণ্ডৰ কাম।
তেওঁ অভিযোগ কৰে যে চৰকাৰে ধন অনুমোদন দিয়াৰ পিছতো বিষয়াসকলে ধন আত্মসাৎ কৰাৰ বাবেই ২০১৭ চনৰ আগষ্ট মাহৰ বানপানীত উদ্যানখনৰ ১২ টা গঁড় আৰু অন্যান্য ১৯০ টা বন্যপ্ৰাণীকে ধৰি মুঠ ২০২ টা বন্যপ্রাণী বানপানীত মৃত্যু হ’বলৈ পালে।
দাৱে দাবী কৰে যে বোকাখাত উন্নয়ন খণ্ড এলেকাৰ ২০ খন গাওঁ পঞ্চায়তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এনৰেগা আঁচনিৰ অধীনত হাইলেণ্ড নিৰ্মাণ, পথ নিৰ্মাণ, পুখুৰী, শৌচালয় নিৰ্মাণ আদি বিভিন্ন উন্নয়নমূলক কামৰ বাবে বৃহৎ পৰিমানৰ ধন মোকলাই দিয়াৰ পিছতো ২০১৮ বৰ্ষৰ ৩১ মার্চ পৰ্যন্ত উল্লেখিত বহুতো আঁচনি আধৰুৱা হৈ থকাৰ বিপৰীতে কিছুমান আঁচনিৰ ৰূপায়ণেই নহ’ল। সংগঠনটোৱে সদৰী কৰা মতে গোলাঘাট গ্রামোন্নয়ন বিভাগৰ পৰা এনৰেগা আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত ১৯ কোটি ৯৮ লাখ ৭ হাজাৰ ৯৫৬ টকা আৰু ২০১৭-১৮ বৰ্ষত ২৭ কোটি ৯৮ লাখ ৫১ হাজাৰ ৫৬০ টকা ধৰি মুঠ ৪৭ কোটি ২৭ লাখ ২২ হাজাৰ ৫১৬ টকা আবণ্টন দিয়া হৈছিল৷
উৎপল দলেৰ নেতৃত্বত একাংশ ৰাজনৈতিক নেতা-পালিনেতাই এনৰেগা আঁচনিৰ কাম নকৰাকৈ জব কাৰ্ডৰ ধন উলিয়াই আত্মসাৎ কৰা বুলি অভিযোগ তুলি সংগঠনটোৱে এই দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰেই বিভিন্ন উন্নয়ন খণ্ডত গোচৰ তৰিব বুলিও জানিবলৈ দিয়ে৷