• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাডাৰ বৃদ্ধাৱাসক দুদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ ভাড়াঘৰৰ মালিকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2018 7:15 am
মাডাৰ বৃদ্ধাবাস
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ছবছৰে ১২ বাৰকৈ বৃদ্ধাশ্ৰমৰ স্থান সলনি কৰা মাডাৰ বৃদ্ধাৱাসৰ এইবাৰো আহি পৰিছে এক নতুন বিপদ। অহা দুদিনৰ ভিতৰত ঘৰ খালী কৰি দিয়াৰ নিৰ্দেশ দিছে ভাড়াঘৰৰ মালিকে। তদুপৰি চৰকাৰক মাদাৰ বৃদ্ধাৱাস স্থায়ীভাৱে নিৰ্মাণ কৰিবৰ বাবে কর্তপক্ষই বিগত চৰকাৰখনৰ দিনৰে পৰা এটুকুৰা মাটি বিচাৰি আহিছে যদিও চৰকাৰে তেওঁলোকক মাটি প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মহানগৰীৰ বামুনীমৈদামস্থিত পূব জ্যোতিনগৰৰ ঘৰ নং ৭৫ ত ২ বছৰ তিনিমাহ পূৰ্বে গৃহটোৰ কেইটামান কোঠা ভাড়ালৈ লৈছিল মাদাৰ বৃদ্ধাৱাসৰ সভাপতিৰ দায়িত্বত থকা উৎপল হৰ্ষবৰ্দ্ধন আৰু সাধাৰণ সম্পাদিকা মনিকা শৰ্মাই।

Apply Now

আনহাতে, যোৱা মঙ্গলবাৰে ঘৰটোৰ মালিক বিজয়কৃষ্ণ দাসে তেওঁলোকক অহা দুই-তিনিদিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ তোলে বৃদ্ধাশ্ৰমৰ সভাপতি উৎপল হৰ্ষৱৰ্দ্ধনে।

মাডাৰ বৃদ্ধাবাস

তেওঁ লগতে কয়, ‘আমাৰ সৈতে ঘৰটোৰ মালিকে কৰা চুক্তি অনুসৰি অহা অক্টোবৰ মাহলৈকে আমি এই ঘৰটোত থাকিব পাৰিম। তেওঁলোকে কেইদিনমান ধৰি বৃদ্ধা ককা-আইতাসকলক পানীৰ যোগান ধৰা নাই। কিন্তু তলত যিসকল ভাৰাতীয়া আছে সেইসকলক পানীৰ যোগান সঠিকভাৱে ধৰি আছে।‘

তদুপৰি মালিকক পানী নোপোৱাৰ কথা কওঁতে তেওঁ অহা দুই-তিনিদিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, মালিকে ঘৰটো বিক্ৰী কৰিম বুলি তেওঁলোকক কোৱা বুলি নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জানিবলৈ দিয়ে।

ইপিনে দুই-এদিনতে মালিকে ঘৰটো এৰি যাবলৈ নিৰ্দেশ দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি লগতে কয়, ‘বয়সস্থ লোকসকলক পানী যোগান বন্ধ কৰি দিয়াত তেওঁলোক বহু কষ্টৰ সন্মুখীন হৈছে।‘

উল্লেখ্য যে, বৰ্তমানৰ ভাৰাঘৰ এৰি পুনৰ নতুন এক ভাৰাঘৰলৈ গৈ তেওঁলোক একেই পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰে। সেয়েহে নৰ্থ ইষ্ট নাওৰ জৰিয়তে তেওঁলোকে চৰকাৰক বৃদ্ধাশ্ৰমখন স্থায়ীভাৱে স্থাপন কৰাৰ বাবে ৩ কঠা মাটি বিচাৰি পুনৰবাৰ অনুৰোধ জনায়।

আনহাতে, বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ প্ৰতি কিবা পদক্ষেপ ল’ব নেকি বুলি সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক নৰ্থ ইষ্ট নাওৱে যোগাযোগ কৰাত তেওঁ কয়, ‘এই ব্যক্তিগত সংস্থাটোৱে চৰকাৰৰ তৰফৰ পৰা সাহায্য পায়ো কিয় ভাৰাঘৰত বৃদ্ধ-বৃদ্ধাসকলক ৰাখিবলগীয়া হ’ল? এটা ভাৰাঘৰত ইমানখিনি মানুহ ৰাখিছে যাৰ বাবে হয়তো মালিকৰ অসুবিধা হ’ব পাৰে।‘

চৰকাৰৰ ফালৰ পৰা বৃদ্ধ-বৃদ্ধাসকলৰ বাবে গৃহ এটা স্থাপন কৰাটো কোনো ডাঙৰ কথা নহয় বুলি মন্তৱ্য কৰি তেওঁ কয়, ‘কিন্তু সংস্থাটোৱে ভাৰা লোৱাৰ আগতে ভাৰাঘৰটোত পানীৰ সু-ব্যৱস্থা আছে নে নাই বা প্ৰয়োজনীয় পানী যোগান ধৰিব পাৰিব নে নাই সেই কথা লক্ষ্য কৰিব লাগিছিল।‘

বেলেগৰ ঘৰত বৃদ্ধাশ্ৰম কৰিব নোৱাৰি বুলি সদৰী কৰি তেওঁ লগতে ভূমি ৰাজহ বিভাগৰ পৰা মাটিৰ অনুমোদন ল’বৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, ‘মাটি চাই দিয়াটো চৰকাৰৰ কাম নহয়, এই কাম তেওঁলোকে নিজেই কৰিব লাগিব।‘

অৱশ্যে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে মাডাৰ বৃদ্ধাশ্ৰমে বৃদ্ধ-বৃদ্ধাসকলক  আশ্ৰয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে বৃদ্ধাশ্ৰমৰ দায়িত্বত থকাসকলৰ হেমাহি আৰু অকৰ্মণ্যতাৰ বাবে নে চৰকাৰৰ আওকণীয়া স্বভাৱৰ বাবে এই বৃদ্ধ-বৃদ্ধাসকলৰ এই অৱস্থা হৈছে সেয়া আজিৰ প্ৰেক্ষাপটত এক লাখটকীয়া প্ৰশ্ন।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd