মাৰ্ঘেৰিটাত একেটা সপ্তাহতে সংঘটিত হৈছে দ্বিতীয়টো যৌন নিৰ্যাতনৰ ঘটনা

যৌন নিৰ্যাতন

মাৰ্ঘেৰিটাত একেটা সপ্তাহতে দ্বিতীয় টো যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ উত্থাপিত হৈছে আইনুল হক নামৰ ৫৫ বছৰীয়া এগৰাকী বৃদ্ধৰ দ্বাৰা ৭ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগ।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত আইনুল হকৰ ঘৰ মাৰ্ঘেৰিটাৰ লাজুম গাঁৱত।

অভিযোগ অনুসৰি ঘৰৰ পৰা প্ৰলোভনেৰে মাতি নি নিজ গৃহতে যৌন নিৰ্যাতন চলাইছিল অভিযুক্ত আইনুলে। পিছত শিশুটোৱে মাকক এই সম্পৰ্কে জানিবলৈ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

পৰিয়ালৰ লোকে  ঘটনাটো আৰক্ষীক অৱগত কৰাত নিশাই অভিযান চলাই অভিযুক্ত আইনুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, অভিযুক্ত আইনুলে এই অভিযোগ অস্বীকাৰ কৰিছে। আৰক্ষীৰ তদন্তই অৱশ্যে এই অভিযোগৰ সত্যাসত্যতা প্ৰমান কৰিব।

সমগ্র দেশৰ লগতে ৰাজ্যত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা। এনে ধাৰাবাহিকভাৱে সংঘটিত ঘটনাৰ বাতৰিয়ে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু বিভিন্ন দল-সংগঠনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলি প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে।