তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত বাসগৃহৰ সন্মুখৰ পৰাই যোৱা নিশা এখন বলে’ৰ গাড়ী চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কিছু দিন পূৰ্বে বিধায়কগৰাকীৰ বাসগৃহৰ পৰা ২শ মিটাৰ আঁতৰৰ চেগুনবাৰী চেণ্ট জে’মছ বিদ্যালয়ৰ সমীপৰ পৰাও হোণ্ডাই কোম্পানীৰ এখন বিলাসী গাড়ী চুৰি হোৱাৰ পিছত যোৱা নিশা তেওঁৰ বাসগৃহৰ সন্মুখৰ পৰা নোহোৱা হয় আন এখন গাড়ী।
এ এচ ২৩ আৰ ৯৪৩৮ নম্বৰৰ বগা ৰঙৰ বলে’ৰ খনৰ গৰাকী প্ৰণৱ ফুকনে গাড়ীখন ৰখাই থোৱা স্থানত নাপাই মাৰ্ঘেৰিটা আৰক্ষীক অৱগত কৰে। মাৰ্ঘেৰিটা আৰক্ষীয়ে গাড়ীখনৰ সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰেৰণৰ সময়লৈকে আৰক্ষীয়ে গাড়ীখনৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে বিধায়কৰ বাসগৃহৰ সন্মুখৰ পৰাই চোৰে এইদৰে গাড়ী লৈ যোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ স্থানীয় ৰাইজে কয়, ‘অন্য ঠাইৰ কথা বাদেই বিধায়কৰ ঘৰৰ সন্মুখতে চোৰৰ পৰা সুৰক্ষিত নহয় দামী দামী গাড়ী।’
উল্লেখযোগ্য যে বিধায়ক ভাস্কৰ শৰ্মাক আলফা স্বাধীনে নিৰ্বাচনৰ পূৰ্বৰ পৰাই ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা কটকটীয়া কৰাৰ লগতে বাসগৃহ তথা কাৰ্য্যালয়তো অসম আৰক্ষীয়ে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছিল, ইয়াৰ পিছতো বাসগৃহৰ সন্মুখৰ পৰা বলে’ৰ গাড়ী চুৰি হোৱা কাৰ্যই অঞ্চলটোত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।