NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ ১৪ বছৰীয়া কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ

April 24, 2018 1:40 pm · লক্ষ্মণ শৰ্মা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং চাহ বাগিচালৈ ফুচুলাই নি ৰাতি এজনী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা দুই নৰাধম ক্ৰমে ধন বজৰাৰ সুশীল কুমাৰৰ পুতেক বিকাশ কুমাৰ শৰ্মা (২০) আৰু বালুখাদ অঞ্চলৰ বীৰ প্ৰধানৰ পুতেক ৰিকাশ প্ৰধান (২০)ক ২৩ এপ্ৰিলৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে। বৰ্তমান দুয়োজনকে জিলা কাৰাগৰলৈ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে জনাইছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিকাশ কুমাৰ শৰ্মাই যোৱা ১৬ এপ্ৰিলত মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় বিহু তলীৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীক ফুচুলাই নামদাং চাহ বাগিচালৈ লৈ যায়, য’ত তেওঁৰ বাবে বীৰ প্ৰধানে অপেক্ষা কৰি আছিল। দুয়ো ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত বিকাশ কুমাৰে তাইক পুনৰ লৈ আহে আৰু ধন বজাৰৰ ওচৰত ধৰ্ষণ কৰে।

ঘটনাটোৰ বিষয়ে পিছত ছোৱালীজনীয়ে মাকক কোৱাত মাক হতচকিত মাকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

অভিযোগৰ ভিত্তিত এটা গোচৰ (103/18) ৰুজু কৰি তাৎক্ষণিক সক্ৰিয়তাৰে দুয়োজনকে আজি যোৱা নিশা প্ৰায় ২.৩০ বজাত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয়।

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকে মাৰ্ঘেৰিটা আৰক্ষীৰ এই তাৎক্ষণিক কাৰ্য্যকাৰিতাৰ শলাগ লোৱাৰ লগতে এই ধৰণৰ ঘটনাবোৰ বৃদ্ধিত উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিশেষকৈ যুৱ সমাজত এই স্খলন দেখি চিন্তিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁৰ মতে, এইবোৰ সামাজিক ব্যাধি নোহোৱা কৰিবৰ বাবে সমাজৰ সকলো স্তৰৰ আৰু সকলো ক্ষেত্ৰৰ সবল ভূমিকাৰ প্ৰয়োজন আছে।

Related News