অসম ৰত্ন ড০ ভূপেন হাজৰিকাই জীৱনৰ বহু অমূল্য সময় কটোৱা কলকাতাৰ টালিগঞ্জস্থিত বাসগৃহটো ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব।— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
উল্লেখযোগ্য যে যোৱা সোমবাৰে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে লোক সংস্কৃতিৰ সাধক তথা বিশিষ্ট সাহিত্যিক ৰত্ন ওজালৈ আগবঢ়োৱা ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
আনহাতে নিজৰ ভাষণ প্ৰসংগত সোণোৱালে কয়— ‘ড০ ভূপেন হাজৰিকা আছিল জনসাধাৰণৰ আস্থাৰ এক মূৰ্ত প্ৰতীক। তেওঁৰ গীতৰ বৈচিত্ৰ্য অনবদ্য আৰু তেওঁৰ গীত সমূহত সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ এক আভাস ফুটি উঠাৰ লগতে ইয়ে মানৱীয় অনুভূতিৰ প্ৰকাশৰ এক অনন্য মাধ্যম হিচাপে সৰ্বজন স্বীকৃত।
বঁটা গ্ৰহণ কৰি লোক সংস্কৃতিৰ সাধক ওজাই কয়— ‘নিজৰ অমূল্য সৃষ্টিৰাজীৰ জৰিয়তে ড০ হাজৰিকা অমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁৰ গীতত প্ৰকাশ পোৱা বৈচিত্ৰ্যৰ জৰিয়তে আমি সমাজৰ ভিন্ন স্তৰৰ লোকৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ চেষ্টা কৰিব লাগিব।আনহাতে ড০ ভূপেন হাজৰিকাই ভাৰত ৰত্ন নোপোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰি ওজাই কয় যে ভূপেনদা সদায় জনসাধাৰণৰ হৃদয়ত নিগাজীকৈ থাকিব।
অনুষ্ঠানটোত কেইবাগৰকীও বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।