NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ ৰোগাক্ৰান্ত ভিক্ষু গুনাৱান্থা মাহাথেৰ’ৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সোণোৱালে

May 17, 2018 7:34 pm · অভীক চক্ৰবৰ্তী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ১৭ মে’ত তিনিচুকীয়াৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ ৰোগাক্ৰান্ত ভিক্ষু গুনাৱান্থা মাহাথেৰ’ক সাক্ষাৎ কৰে।

স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ভিক্ষুজনৰ শীঘ্ৰ ৰোগমুক্তিৰ বাবে সোণোৱালে প্ৰাৰ্থনা জনায়। সাক্ষাৎকালত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু মন্ত্ৰী তপন গগৈয়ে মুখ্য মন্ত্ৰী সোণোৱালক সংগ দিয়ে।

যোৱা বুধবাৰে অৰুণাচল প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী চাউনা মেইনে ৰুগীয়া ভিক্ষুগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল।

ভিক্ষুগৰাকীক সাক্ষাতৰ পিছত সোণোৱালে মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত আয়োজিত বিহু সন্মিলনত ভাগ লয়।

Related News