মিঃ শৰাইঘাটৰ খিতাপ লাভ ৰে’লৱেৰ জাভেদ আলী খানৰ, মিঃ শৰাইঘাট অসম শুভদীপ বৈদ্য
গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত অনুষ্ঠিত আৰ জি বৰুৱা সোঁৱৰণী ২৯ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতাত ৰে’লৱেৰ জাভেদ আলী খানে মিঃ শৰাইঘাটৰ খিতাপ লাভ কৰিছে।
অসম বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ তত্বাৱধানত আৰু শৰাইঘাট জিমৰ উদ্যেগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত ৰে’লৱেৰ এ ববী সিঙে দ্বিতীয়, এন সৰ্বা সিঙে তৃতীয় আৰু কিৰণ পাটিলে চতুৰ্থ স্থান লাভ কৰে।
উল্লেখযোগ্য যে আগশাঢ়িৰ এই প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় আৰু আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো শৰীৰচৰ্চাবিদে অংশ গ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাৰ শেষত কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই বিজয়ীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰন কৰে।
প্ৰতিযোগিতাখনৰ চেম্পিয়ন, ৰাণাৰ্ছ আপ আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ১.২৫ লাখ, ১ লাখ আৰু ৮০ হাজাৰ টকাৰ চেকৰ সৈতে একোটাকৈ স্মাৰক প্ৰদান কৰা হয়।
আনহাতে প্ৰতিযোগিতাখনত অসমৰ শৰীৰচৰ্চাবিদ সকলৰ বাবে থকা দ্বিতীয় মিঃ শৰাইঘাট অসম শীৰ্ষক শাখাত যোৰহাটৰ শুভদীপ বৈদ্যই মিঃ শৰাইঘাট অসমৰ খিতাপ লাভ কৰাৰ বিপৰীতে হোজাইৰ শুভাংকৰ দাসে দ্বিতীয় আৰু অসম পুলিচৰ নৱজিৎ দাসে তৃতীয় স্থান লাভ কৰে।