মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ নগাঁৱৰ প্ৰৱঞ্চক বিজু বনিয়া

অভিযুক্ত বিজু বনিয়া ওৰফে বিজু কাশ্যপ

দুৰ্নীতিৰ বিৰুদ্ধে সদায় সৰব হৈ থকা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য। সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অভিযান চলাই এজনৰ পিছত আন এজন বিষয়া ৰঙা ঘৰৰ আলহী কৰোৱাৰ সময়তে কালি পুনৰ আৰক্ষীৰ জালত পৰিল নগাঁৱৰ আন এজন প্ৰৱঞ্চক। জানিব পৰা মতে নগাঁৱৰ প্ৰৱঞ্চক বিজু বনিয়া ওৰফে বিজু কাশ্যপে বিগত এবছৰৰো অধিক কাল ঠিকা-ঠুকলি, চাকৰিৰ বদলি-পদোন্নতিৰ নামত অধিক হাৰত ধন সংগ্ৰহ কৰি আহিছিল। বিশেষকৈ আৰক্ষী আৰু বন বিভাগৰ কিছুসংখ্যক বিষয়াৰ বদলিৰ নামত অভিযুক্ত বিজুৱে দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰিছিল।

বুধবাৰে দিছপুৰ আৰু হাতীগাওঁ আৰক্ষীয়ে যুটীয়াভাবে অভিযান চলাই ধৃত বিজু বনিয়া ওৰফে বিজু কাশ্যপক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে এই প্ৰৱঞ্চক জনে আৰক্ষীৰ এজন অতিৰিক্ত সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ নাম লৈ বিভিন্ন বিষয়াক জালত পেলাই দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই প্ৰৱঞ্চক জনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰখাৰ লগতে বেংক একাউন্ট আৰু সা-সম্পত্তিক লৈও তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে জানিবলৈ দিয়া অনুসৰি পুৰ্বেও প্ৰৱঞ্চক জনে এজন চৰকাৰী বদলি কৰাৰ নামত ধন দাবী কৰাৰ সময়তে আৰক্ষীয়ে বিষয়টো অবগত হৈ তেওঁক সকীয়নী প্ৰদান কৰিছিল, কিন্তু ধৃত বিজুৱে বিনা দ্বিধাৰে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া চলাই নিছিল। ইয়াৰ উপৰিও আৰক্ষী আয়ুক্ত জনে কয় যে এজন আৰক্ষী বিষয়াৰ বদলিৰ নামত ধন সংগ্ৰহ কৰা অভিযোগৰ লগতো এই প্ৰৱঞ্চক জন জড়িত আৰু বিষয়া সকলক বিজুৱে নিজকে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ ঘনিষ্ঠ বুলিও দাবী কৰে।