বিজেপি চৰকাৰে নাগপুৰৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মেৰুদণ্ড নাই: ৰিপুণ বৰা

ৰিপুণ বৰা

নগা চুক্তিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক ৰহস্যজনক আখ্যা দি আজি ৰাজীৱ ভৱনত এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে অসমৰ ডিমা হাচাওকে ধৰি অসম-ম্যানমাৰ সীমান্তৱৰ্তী বৰ্তমানৰ নাগালেণ্ডৰ পাঁচখন জিলা, অৰুণাচলৰ দুখন আৰু মণিপুৰৰ ৭ খন জিলসহ মুঠ ১৫ খন জিলাক কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নগা উন্নয়ন পৰিষদৰ অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে।

আনহাতে আৰ এছ এছে শুকুৰবাৰে প্ৰকাশ কৰি উলিওৱা নগা চুক্তিৰ খচৰাখনে বৰ্তমানৰ বিজেপি চৰকাৰে নাগপুৰৰ আঙুলিত ধৰি উঠা বহা কৰে বুলি সভাপতি গৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰভাবে সমালোচনা কৰে। ইয়াৰ উপৰি সভাপতি গৰাকীয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া সৰ্বানন্দ সোণোৱালৰ ৰাজহাড় নাই বুলিও কটাক্ষ কৰে। অৱশ্যে আৰ এছ এছে এই খচৰাখন ভুৱা বুলি দাবী জনোৱাৰ বিপৰীতে এয়া বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ এখন নাটক বুলিহে কটাক্ষ কৰে।

তদুপৰি সংবাদমেল খনত ৰিপুণ বৰাই জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰাৰ পিছতে শুকুৰবাৰে নাটকীয়ভাৱে আৰ এছ এছে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্দিষ্ট সংখ্যক সংবাদ মাধ্যমলৈ নগা শান্তি চুক্তিৰ খচৰা প্ৰেৰণ কৰে। এনে পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ দল-সংগঠনে নিৰ্বাচনৰ পূৰ্বে নগা শান্তি চুক্তি ৰূপায়ণৰ দাবী জনাই অহাৰ বাবেই কেন্দ্ৰীয় বিজেপিয়ে এনেদৰেই আৰ এছ এছৰ জৰিয়তে চুক্তিৰ এখন নমুনা প্ৰচাৰ কৰি কুটীল ৰাজনীতি কৰা বুলি ৰিপুণ বৰাই ক্ষোভ প্ৰকাশ কৰে।

উক্ত সংবাদ মেলৰ জৰিয়তে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপি আৰু আৰ এছ এছক অসমক অংগক্ষত নকৰিবলৈ আহ্বান জনায়। লগতে অসমৰ এক ইঞ্চি মাটি  যদি নাগালিমৰ অন্তৰ্ভুক্ত হয় তেন্তে কংগ্ৰেছে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলিও  জানিবলৈ দিয়ে সংবাদমেলখনত।

নগা চুক্তি বিষয়টোৰ সমান্তৰালকৈ চিণ্ডিকেটৰাজৰ বিষয়েও সংবাদমেলৰ জৰিয়তে ৰিপুণ বৰাই উল্লেখ কৰে। তেওঁৰ মতে চিণ্ডিকেটৰাজৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ নেতাসকলৰ ওপৰত কয়লা, পাণ, চিমেন্ট, চুপাৰি, শিল আদিৰ চিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে সময়তে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু অন্যান্য আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াই সংবাদমেলৰ জৰিয়তে কেলেংকাৰীৰ কথা স্বীকাৰ কৰা বুলি তেওঁ আজিৰ সংবাদমেলত জানিবলৈ দিয়ে। লগতে সভাপতিজনে আৰক্ষী-প্ৰশাসনৰ লোকসকলো এই চিণ্ডিকেটৰাজৰ সৈতে জড়িত হৈ থকা বুলি এক অভিযোগ উত্থাপন কৰে। এইক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে চকু মুদা কুলিৰ দৰে অভিনয় কৰিছে বুলি বিজেপিৰ প্ৰতি তাচ্ছিল্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

ৰাজ্যত চিণ্ডিকেটৰাজৰ দুৱাৰ মুকলি কৰি দিয়া চৰকাৰ বুলি কটাক্ষ কৰি সভাপতি জনে কয় যে ৬ ছকীয়া ট্ৰাক এখনৰ ক্ষমতা ৯ মেট্ৰিক টন যদিও একোখন ট্ৰাকে ২৫ মেট্ৰিক টন পৰ্যন্ত সামগ্ৰী সৰবৰাহ কৰি আহিছে। তাৰোপৰি এই ট্ৰাক সমূহে পৰিবহণ বিভাগক ২৭ হাজাৰ টকাৰ কৰ দিব লাগে যদিও মাত্ৰ তিনি হাজাৰ টকা দি ব্যাপক হাৰত ৰাজহ ফাঁকি দিয়া বুলি তেওঁ অভিযোগ তোলে।

সংবাদমেলৰ শেষৰফালে সভাপতি গৰাকীয়ে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত বিজেপি চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে বুলি এক অভিযোগ তোলে। এই প্ৰসংগত তেওঁ এসপ্তাহ পূৰ্বে নাগামিজ ৰেষ্টুৰেণ্টৰ প্ৰৱন্ধক ভূপিন্দৰ সিঙক ইন’ভা বাহনে খুন্দিয়াই হত্যা কৰাৰ পিছতো চৰকাৰে হত্যাৰ লগত জড়িত কোনো দুৰ্বৃত্তক আটক কৰিব নোৱাৰাটোৱেই চৰকাৰৰ আইন-শৃংখলাৰ ফোপোলা স্বৰূপটো উদঙাই দিয়া বুলি কয়। ইয়াৰ বিপৰীতে হত্যাকাৰীৰ শুং-সূত্ৰ দিওঁতাজনক ভূপিন্দৰৰ পৰিয়ালে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিবলৈ বিচৰাটো চৰকাৰৰ বাবে চৰম লজ্জাজনক কথা বুলি তেওঁ উল্লেখ কৰে। লগতে কিছুদিন পূৰ্বে দৰং জিলাৰ ধূলাত আৰক্ষীৰ জিম্মাত শ্ৰমিকৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে এজন লোকক আৰক্ষীয়ে গুলীয়াই  হত্যা কৰাটো বিজেপি চৰকাৰৰ গৃহ বিভাগৰ বৰ্বৰতা তথা আক্ৰোশমূলক আচৰণ বুলি উল্লেখ কৰে।