• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সোণোৱালৰ বাসভৱনলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ উন্নয়নৰ স্বৰূপ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 4, 2018 6:06 pm
sonowal-road-pic-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়স্থিত বাসভৱনলৈ যোৱা পথটোৰ মাজত হোৱা খালসমূহত পানী জমা হৈ মাছ জীয়াব পৰা অৱস্থাৰ সৃষ্টি হৈছে। বিগত কেইটামান বছৰ ধৰি মেৰামতি নকৰাৰ ফলত ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হোৱাত বছৰৰ পৰা বছৰ ধৰি মুখ্য মন্ত্ৰীৰ বাসভৱনলৈ যোৱা ১নং লখিনগৰ পথটো অত্যন্ত জৰাজীৰ্ণ হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

সোণোৱাল মুখ্য মন্ত্ৰী হ’ল কিন্তু পথটো জৰাজীৰ্ণ হৈয়েই থাকিল। বাৰিষাৰ আগে আগে অহা বৰষুণজাকত পথটোৰ অৱস্থা আৰু শোচনীয় হৈ পৰিছে। ইয়াৰে বাসিন্দাসকলে আৰু স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই পথটো সম্পৰ্কে অভিযোগ কৰি আহিছে যদিও মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

Apply Now

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে মুখ্য মন্ত্ৰীৰ বাসভৱনৰ ওচৰত থকা অংশখিনি পকী কৰা হৈছে যদিও বাকীখিনি পথ বোকাময় হৈ থাকিবলৈ এৰি দিয়া হৈছে।

লখিনগৰৰ বাসিন্দা গোবিন চাংমায়ে গৈছে, ‘‘বহুত আশা কৰি আমি সৰ্বানন্দ সোণোৱালক ক্ষমতালৈ আনিবলৈ ভোট দিছিলোঁ। কিন্তু আমি এনে এজন লোকক পালোঁ যি নিজৰ বাসগৃহলৈ যোৱা এচোৱা পথৰো মেৰামতি ৰকৰিব নোৱাৰে। ইয়েই তেওঁৰ অক্ষমতাৰ সৰ্বোৎকৃষ্ট উদাহৰণ।’’

চাংমায়ে আৰু কৈছে যে ইয়াৰ পূৰ্বেও তেওঁলোকে বহুবাৰ স্থানীয় বিধায়ক বৰুৱাক সাক্ষাত কৰি পথচোৱা মেৰামতি কৰাৰ বাবে অনুৰোধ কৰিছিল যদিও সেয়া কেতিয়াও হৈ নুঠিল। প্ৰত্যেক বছৰ বাৰিষা একেই অৱস্থা হৈ আহিছে পথচোৱাত। এজাক বৰষুণতেই পথচোৱাত অহা-যোৱা কৰাটো দুৰূহ হৈ পৰে।

লখিলগৰ উন্নয়ন সমিতি আৰু আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে অভিযোগ কৰিছে যে উক্ত পথচোৱাত এটাও ষ্ট্ৰীট লাইট নথকা বাবে ৰাতি অহা যোৱা কৰিবলৈ অসুবিধা পাই আহিছে।

ৰাজকোঁৱৰে আৰু কয় যে বাৰিষা কালত পথচোৱাৰ অ’ত ত’ত পানী জমা হৈ থাকে। বৰষুণৰ বতৰত খোজ কঢ়াটো দূৰৰ কথা আনকি তাত মটৰ-চাইকেল এখনো চলাই যাব পৰাৰ অৱস্থা নাথাকে। এই মানুহৰ অগম্য পথচোৱাত অৱশ্যে এতিয়ালৈকে কোনো লোকে তাত মাছ জীওৱা নাই যদিও পথচোৱাত হোৱা গাঁত কেইটাত জমা হোৱা পানীত ৰং মনে সাঁতুৰিবলৈ ভয় কৰা নাই স্থানীয় বাসিন্দাসকলৰ পোহনীয়া হাঁহকেইটামানে।

তেওঁ কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ আশা পূৰ্ণ কৰিব পৰা নাই। তেওঁলোকে উন্নয়নৰ ফুলজাৰী মাৰে কিন্তু একো কৰিব পৰা নাই।

ৰাজকোঁৱৰে দুখ প্ৰকাশ কৰি কয় যে পৰিৱৰ্তনৰ আশাত জনসাধাৰণে বিজেপিক ভোট দিছিল যদিও সেয়া হৈ নুঠিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd