• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয়ত নিৰ্বাচনী যুঁজত নামিল ইয়ান ব’থাম! ভোট দিব মাৰাডোনা, পেলে, ৰোমাৰিঅ’ই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 1:39 pm
Meghalaya election
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অনুষ্ঠিত হৈছে মেঘালয় বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰাই ৰাজ্যখনত আৰম্ভ হৈছে ভোটগ্ৰহণ। পিছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ মাজতে চৰ্চালৈ আহিছে কেইটামান বিশেষ নাম। এইবাৰ মেঘালয়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ইয়ান ব’থামে!

কেৱল সিমানেই নহয়, আজিৰ নিৰ্বাচনত ভোটদান কৰিব ফুটবল সম্ৰাট পেলে, যুৱৰাজ মাৰাডোনা আৰু ৰোমাৰিঅ’ৰ দৰে মহাতাৰকাই! তেওঁলোকৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰখ্যাত আমেৰিকান সংগীতজ্ঞ গায়ক জিম ৰিভছেও!

Apply Now

আচৰিত যেন লাগিলেও আপুনি ঠিকেই শুনিছে এই বিশেষ নামকেইটা। মেঘালয়ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অথবা ভোটদান কৰা এনে কিছু নামে বাৰুকৈয়ে চৰ্চাৰ সৃষ্টি কৰিছে।

পেলে, মাৰাডোনা, ৰোমাৰিঅ’, ৰিভছ নামৰ এই লোকসকল উমনিউহ-টমাৰ এলাকাৰ ভোটাৰ। তেওঁলোকে পূব খাছি পাহাৰ জিলাৰ শ্বেলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব। সমষ্টিৰ কেইগৰাকীমান ভোটাৰৰ নামো লক্ষণীয়। এনে কেইগৰাকীমান প্ৰাৰ্থী হৈছে প্লেনেছ, এৰিনা, ৱেলবৰ্ণ আৰু গ্ৰেচ।

আজি নিৰ্বাচনত ভোটদান কৰিব ২৮ বৰ্ষীয় এচেম্বলী ৰিংগা আৰু ৪৫ বৰ্ষীয় ভোটাৰ মেঘালয় খংটিমেও। নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ব’ৰ্ডাৰ, কম্প্লেন আৰু ৰিপেন্টেঞ্চেও। চিষ্টাৰ প্ৰমিছলেণ্ড, হলিলেণ্ড ডখাৰ আৰু জেৰুজালেম খিয়েউটামেও সাব্যস্ত কৰিব ভোটাধিকাৰ।

সপ্তাহৰ দিন কেইটাৰ ইংৰাজী নাম ক্ৰমে থাৰ্ছডে’, চানডে’ নামৰ ভোটাৰৰ নামো আছে ভোটাৰ তালিকাত। লগতে আছে ত্ৰিপুৰা আৰু গোৱাৰ দৰে ভাৰতীয় ৰাজ্যৰ নাম। সেইদৰে আছে অসমৰ ৰাজধানী দিছপুৰৰ নামৰে এগৰাকী মহিলা ভোটাৰ।

আনহাতে আটলান্টা, এড্ৰেছ, পেচিফিক, কন্টিনেণ্ট, চিটি, ভিলেজ, এজেণ্ডা আৰু বেবীলেণ্ড, চুৱেটাৰ আৰু তেওঁৰ কন্যা আই হেভ বিন ডেলিভাৰড- য়েও ভোটাধিকাৰ সাব্যস্ত কৰিব। তিনিগৰাকী ভগ্নী ক্ৰমে- ৰিকুৱেষ্ট, লাভলীনেচ আৰু হেপীনেচৰ নামো আছে ভোটাৰ তালিকাত।

টেবুল, ফ’ৰটিন, ডাবলব্লেছ, এভ্ৰিডে’, সৌৰজগতৰ দুই গ্ৰহ ভেনাছ-জুপিটাৰ, ৰিম’ট, টাইৰছ’ (সৰিয়হ) আৰু মুলি (মূলা), এটলাছ আৰু নেভিও ভোটাৰৰ তালিকাত আছে।

এইবাৰ মেঘালয়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা একাংশ প্ৰাৰ্থীৰ নামো অনন্য। ইষ্ট খাছি পাহাৰ জিলাৰ পাইনুৰ্ছলা সমষ্টিৰ পৰা এন পি পিৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙৰ বিৰুদ্ধে নেহৰু ছুটিঙে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হৈছে ছানমুন, ছানশ্বাইন আৰু মুনলাইটো।

অসম-মেঘালয় সীমান্তৰ জিৰাং সমষ্টিৰ পৰা ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (আথৱালে)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চানমুন মাৰাকে। সেইদৰে ছানশ্বাইন মাক্ৰী হৈছে উমছনিঙৰ প্ৰাৰ্থী। ফৰকাষ্টাৰ নংৰাঙে তাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত জোৱাই সমষ্টিৰ পৰা ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুনলাইটে। ফাৰ্ষ্টবৰ্ণ মেনাৰে বিজেপিৰ টিকটত আমলাৰেম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

হাইলেণ্ডাৰ, চাউণ্ডাৰ, প্ৰচেছ আৰু ব্ৰাইটষ্টাৰৱেলে ক্ৰমে বিজেপি, ইউডিপি আৰু ভইচ অৱ পিপলছ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ফ’ৰটিনছনক কংগ্ৰেছে মনোনীত কৰাৰ বিপৰীতে প’লষ্টাৰ নংছিয়েজক নংষ্ট’ইন সমষ্টিৰ বাবে মনোনীত কৰা হয়। দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ ছলমানপাৰা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়ান বোথামে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd