• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত মণিপুৰৰ দৰে পৰিস্থিতিৰ শংকাত ভুগিছে কংগ্ৰেছ : বিধায়কৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ হাইকামাণ্ডৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 5:08 pm
ৰিপুন বৰা
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভোটগণনা হৈ থকা মেঘালয়ত বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যক আসন নাপালেও ৰাজ্যখনত কংগ্ৰেছে আনবোৰ দলতকৈ এই পৰ্য্যন্ত অধিক সংখ্যক আসন লাভ কৰি আছে।

মন কৰিব লগীয়া কথাটো হ’ল চৰকাৰ গঠনৰ বাবে দৰকাৰ হোৱা ৩১খন আসনৰ অংক কোনেও স্পৰ্শ কৰাৰ সম্ভাৱনা নথকাটো। এই পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ব্যাপক হাৰত ৰাজনৈতিক দৰদাম হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Apply Now

ফলত বিজেপিয়ে অনৈতিকভাৱে কংগ্ৰেছৰ শিবিৰৰত বিভাজন সৃষ্টি কৰি নিজৰ পক্ষলৈ যাতে তেওঁলোকৰ বিধায়কক নিব নোৱাৰে তাৰ বাবে আগতীয়া সতৰ্কতা লোৱা বুলি জানিব পৰা গৈছে।

আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই শংকাৰ কথা তথা তাৰ বাবে আগতীয়া সতৰ্কতা লোৱাৰ কথা স্বীকাৰ কৰিলে সংবাদ মাধ্যমৰ আগত।

উল্লেখযোগ্য যে বিগত বছৰত অনুষ্ঠিত মণিপুৰ বিধানসভা নিৰ্বাচনত ২৮ খন আসন লাভেৰে কংগ্ৰেছেই সংখ্যাগৰিষ্ঠ দল আছিল যদিও বিজেপিৰ কূটকৌশলত তেওঁলোকৰ কেইবাজনো বিধায়কে বিজেপিলৈ ৰাতিটোৰ ভিতৰতে দল সলনি কৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল।

’নিশ্চয়কৈ মেঘালয় নিৰ্বাচনৰ ক্ষেত্ৰতো সেই সংশয়টো আছে। মণিপুৰত চৰকাৰ গঠন কৰিবলৈ ৩১ খন আসনৰ প্ৰয়োজন আছিল। কংগ্ৰেছ দলে ২৮ খন আসন পোৱাৰ পিছতো তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে।’ এইদৰে কয় ৰিপুণ বৰাই। আনহাতে বিজেপি দলে মণিপুৰৰ ৰাজ্যপালক অপব্যৱহাৰ কৰি শাসনলৈ অহা বুলি মন্তব্য কৰি তেওঁ কয় ‘’বিজেপি দলে ধনবল, বাহুবল প্ৰয়োগ কৰি জবৰদস্তি মণিপুৰত চৰকাৰ গঠন কৰিছে। বৰ্তমান মেঘালয়তো সেই পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।’

‘মেঘালয়ত যাতে মণিপুৰৰ পৰিস্থিতি উদ্ভব হ’ব নোৱাৰে তাৰ বাবে কংগ্ৰেছ হাইকামাণ্ডে বিশেষ ব্যৱস্থা হাতত লৈছে। হাই কামাণ্ডে কমল নাথ, আহমেদ পেটেল আৰু মুকুল ৱাছনিকক মেঘালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। ’ এইদৰে কয় বৰাই।

বিজেপিয়ে যাতে কোনো ধৰণৰ হৰ্ছট্ৰেডিং কৰিব নোৱাৰে তাৰ প্ৰতি হাইকামাণ্ডে নিয়োগ কৰা তিনিজন নেতাই বিশেষভাবে দৃষ্টি ৰাখিব বুলিও  তেওঁ কয়।

লক্ষণীয়ভাৱে ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম নোহোৱাৰ লগতে বৰ্তমান শাসনত থকা মেঘালয়তো প্ৰয়োজনীয় সংখ্যক আসন নোপোৱা সত্ত্বেও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মুকুল চাংমাই দুখন আসনত জয়লাভ কৰাটোতে সন্তুষ্টি প্ৰকাশ কৰে। সভাপতিজনে কংগ্ৰেছে যোগাত্মক ভোট লাভ কৰা বুলি সদৰী কৰে। তেওঁ সাংবাদিকক কয়, ‘মেঘালয়ত বিজেপিৰ পতন নিশ্চিত।‘

‘কংগ্ৰেছে সংখ্যাগৰিষ্ঠাতা লাভ কৰি নিশ্চয়কৈ চৰকাৰ গঠন কৰিব পাৰিব বুলি আমি আশা ৰাখিছো।‘ ৰিপুণ বৰাই কয়।

আনহাতে তাৎপৰ্য্যপূৰ্ণভাৱে সভাপতিগৰাকীয়ে এন পি পিক বিজেপিয়ে সমৰ্থন দিলেও কোনো লাভ নহ’ব বুলি মন্তব্য কৰি কয় ’এন পি পিয়ে যিকেইখন আসনত অগ্ৰগতি লাভ কৰিছে সেয়া নিজৰ প্ৰচেষ্টাৰ বলতহে লাভ কৰিছে।‘

এন পি পি সন্দৰ্ভত তদুপৰি তেওঁ আঞ্চলিক আৱেগত এন পি পিয়ে ভোট লাভ কৰা বুলিও মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd