মেঘালয়ত মণিপুৰৰ দৰে পৰিস্থিতিৰ শংকাত ভুগিছে কংগ্ৰেছ : বিধায়কৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ হাইকামাণ্ডৰ

ৰিপুন বৰা

আজি ভোটগণনা হৈ থকা মেঘালয়ত বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যক আসন নাপালেও ৰাজ্যখনত কংগ্ৰেছে আনবোৰ দলতকৈ এই পৰ্য্যন্ত অধিক সংখ্যক আসন লাভ কৰি আছে।

মন কৰিব লগীয়া কথাটো হ’ল চৰকাৰ গঠনৰ বাবে দৰকাৰ হোৱা ৩১খন আসনৰ অংক কোনেও স্পৰ্শ কৰাৰ সম্ভাৱনা নথকাটো। এই পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ব্যাপক হাৰত ৰাজনৈতিক দৰদাম হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ফলত বিজেপিয়ে অনৈতিকভাৱে কংগ্ৰেছৰ শিবিৰৰত বিভাজন সৃষ্টি কৰি নিজৰ পক্ষলৈ যাতে তেওঁলোকৰ বিধায়কক নিব নোৱাৰে তাৰ বাবে আগতীয়া সতৰ্কতা লোৱা বুলি জানিব পৰা গৈছে।

আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই শংকাৰ কথা তথা তাৰ বাবে আগতীয়া সতৰ্কতা লোৱাৰ কথা স্বীকাৰ কৰিলে সংবাদ মাধ্যমৰ আগত।

উল্লেখযোগ্য যে বিগত বছৰত অনুষ্ঠিত মণিপুৰ বিধানসভা নিৰ্বাচনত ২৮ খন আসন লাভেৰে কংগ্ৰেছেই সংখ্যাগৰিষ্ঠ দল আছিল যদিও বিজেপিৰ কূটকৌশলত তেওঁলোকৰ কেইবাজনো বিধায়কে বিজেপিলৈ ৰাতিটোৰ ভিতৰতে দল সলনি কৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল।

’নিশ্চয়কৈ মেঘালয় নিৰ্বাচনৰ ক্ষেত্ৰতো সেই সংশয়টো আছে। মণিপুৰত চৰকাৰ গঠন কৰিবলৈ ৩১ খন আসনৰ প্ৰয়োজন আছিল। কংগ্ৰেছ দলে ২৮ খন আসন পোৱাৰ পিছতো তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে।’ এইদৰে কয় ৰিপুণ বৰাই। আনহাতে বিজেপি দলে মণিপুৰৰ ৰাজ্যপালক অপব্যৱহাৰ কৰি শাসনলৈ অহা বুলি মন্তব্য কৰি তেওঁ কয় ‘’বিজেপি দলে ধনবল, বাহুবল প্ৰয়োগ কৰি জবৰদস্তি মণিপুৰত চৰকাৰ গঠন কৰিছে। বৰ্তমান মেঘালয়তো সেই পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।’

‘মেঘালয়ত যাতে মণিপুৰৰ পৰিস্থিতি উদ্ভব হ’ব নোৱাৰে তাৰ বাবে কংগ্ৰেছ হাইকামাণ্ডে বিশেষ ব্যৱস্থা হাতত লৈছে। হাই কামাণ্ডে কমল নাথ, আহমেদ পেটেল আৰু মুকুল ৱাছনিকক মেঘালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। ’ এইদৰে কয় বৰাই।

বিজেপিয়ে যাতে কোনো ধৰণৰ হৰ্ছট্ৰেডিং কৰিব নোৱাৰে তাৰ প্ৰতি হাইকামাণ্ডে নিয়োগ কৰা তিনিজন নেতাই বিশেষভাবে দৃষ্টি ৰাখিব বুলিও  তেওঁ কয়।

লক্ষণীয়ভাৱে ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম নোহোৱাৰ লগতে বৰ্তমান শাসনত থকা মেঘালয়তো প্ৰয়োজনীয় সংখ্যক আসন নোপোৱা সত্ত্বেও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মুকুল চাংমাই দুখন আসনত জয়লাভ কৰাটোতে সন্তুষ্টি প্ৰকাশ কৰে। সভাপতিজনে কংগ্ৰেছে যোগাত্মক ভোট লাভ কৰা বুলি সদৰী কৰে। তেওঁ সাংবাদিকক কয়, ‘মেঘালয়ত বিজেপিৰ পতন নিশ্চিত।‘

‘কংগ্ৰেছে সংখ্যাগৰিষ্ঠাতা লাভ কৰি নিশ্চয়কৈ চৰকাৰ গঠন কৰিব পাৰিব বুলি আমি আশা ৰাখিছো।‘ ৰিপুণ বৰাই কয়।

আনহাতে তাৎপৰ্য্যপূৰ্ণভাৱে সভাপতিগৰাকীয়ে এন পি পিক বিজেপিয়ে সমৰ্থন দিলেও কোনো লাভ নহ’ব বুলি মন্তব্য কৰি কয় ’এন পি পিয়ে যিকেইখন আসনত অগ্ৰগতি লাভ কৰিছে সেয়া নিজৰ প্ৰচেষ্টাৰ বলতহে লাভ কৰিছে।‘

এন পি পি সন্দৰ্ভত তদুপৰি তেওঁ আঞ্চলিক আৱেগত এন পি পিয়ে ভোট লাভ কৰা বুলিও মন্তব্য কৰে।