NORTHEAST NOW (Assamese)

মেঘালয়ৰ পৰা প্ৰত্যাহাৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন; সকলো দল-সংগঠনৰে আদৰণি

April 24, 2018 10:17 am · এন ই নাও নিউজ
Updated: April 24, 2018 10:20 am
ফাইল চিত্ৰ

সুদীৰ্ঘ ২৭ বছৰৰ অন্তৰালত বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন খন মেঘালয়ৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। দীৰ্ঘদিনৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ বাবে দাবী জনায় আহিছিল আৰু সোমবাৰে গৃহ মন্ত্ৰালয়ে এই আইনখন প্ৰত্যাহাৰৰ কথা প্ৰকাশ কৰে।

এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে পহিলা এপ্ৰিলৰ পৰাই এই আইনখন মেঘালয়ৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। মেঘালয়ৰ পৰিৱেশ বৰ্তমান শান্তিপূৰ্ণ হোৱাৰ বাবেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিলে।

ইফালে অৰুণাচলত ১৬ টা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত বাহাল থকা এই আইনখন এইবাৰ আঠটা আৰক্ষী চকীলৈ হ্ৰাস কৰা হয়। বিতৰ্কিত এই আইনখন অৰুণাচৰ এই অঞ্চল সমূহত আৰু ছমাহৰ বাবে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে এই আইনখন প্ৰত্যাহাৰৰ দাবীৰে মণিপুৰৰ সমাজ কৰ্মী ইৰম শৰ্মিলাই বহু বছৰ ধৰি অনশনত আছিল। কিন্তু এইবাৰো মণিপুৰৰ পৰা প্ৰত্যাহাৰ নহ’ল বহু বিতৰ্কিত আইনখন।

লক্ষ্যণীয়ভাৱে আইনখন মেঘালয়ৰ পৰা প্ৰত্যাহাৰ কৰা কাৰ্যক মেঘালয়ৰ দল-সংগঠনে স্বাগতম জনোৱাৰ লগতে উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহ আৰু জম্মু-কাশ্মীৰৰ পৰাও প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছে।

মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ পি কে ছাংমাই ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

মেঘালয়ৰ পৰা এই আইনখন প্ৰত্যাহাৰ কৰা বাবে কেন্দ্ৰক বিশিষ্ট সমাজ কৰ্মী ড০ বি এম বাছায়াওমইতে ধন্যবাদ জনায়। ইয়াৰ উপৰি অন্যান্য ৰাজ্যসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখনৰ কোনো প্ৰয়োজনীয়তা নাই, সেই অঞ্চল সমূহৰ পৰা বিতৰ্কিত আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব লাগে বুলি পুনৰ দোহাৰে সমাজ কৰ্মী ড০ বি এম বাছায়াওমইত।

উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ ছেমুৱেল বি জিৰৱাই কেন্দ্ৰৰ সিদ্ধান্তক স্বাগতম জনাই কয়, ‘উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহত বাহাল থকা এই বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰিব লাগে। একবিংশ শতিকাত  এনেধৰণৰ এখন কঠোৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন কোনো পধ্যে গ্ৰহণযোগ্য নহয়’।

উল্লেখ্য যে কিছু বছৰৰ পূৰ্বে এই আইনখন উত্তৰ-পূবৰ আন এখন ৰাজ্য ত্ৰিপুৰাৰ পৰাও প্ৰত্যাহাৰ কৰা হৈছিল।

Related News