NORTHEAST NOW (Assamese)

মেঘালয়ৰ মুখ্য মন্ত্ৰীক ফ’ৰেইন লেংগুৱেজ ইউনিভাৰছিটিৰ উপাচাৰ্যৰ সাক্ষাৎ

March 29, 2018 3:53 pm · এন ই নাও নিউজ

ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুৰেশ কুমাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰি বিশ্ববিদ্যালয়খন মেঘালয়ৰ শিক্ষাৰ্থীৰ বাবে উপলব্ধ কৰোৱাৰ বাবে মন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপ সন্দৰ্ভত আলোচনা কৰে।

অধ্যাপক কুমাৰে কয় যে চিলঙত থকা বিশ্ববিদ্যালয়খনৰ চৌহদত অত্যন্ত কম শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে বাবে ইয়াৰ চৌহদটোৰ অধিকতম ব্যৱহাৰ কৰা নহয়।

মেঘালয়ৰ শিক্ষকসকলৰ বাবে এই বিশ্ববিদ্যালয়খনত প্ৰশিক্ষণ আৰু অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ কৰাৰ বিষয়ত উপাচাৰ্যগৰাকীয়ে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰে।মুখ্য মন্ত্ৰীয়ে এই বিষয়ত তেওঁৰ আগ্ৰহ প্ৰকাশ কৰে আৰু শিক্ষক প্ৰশিক্ষণৰ বিষয়টো তেওঁ বিৱেচনা কৰাৰ আশ্বাস দিয়ে।

মুখ্য মন্ত্ৰীয়ে এই অঞ্চলটোৰ শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ জাপানী আৰু মাণ্ডাৰিন ভাষা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে উপাচাৰ্যগৰাকীক উপদেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে যদিহে বিশ্ববিদ্যালয়ৰ চিলং চৌহদত এই বিদেশী ভাষাকেইটা উপলব্ধ কৰোৱা হয় তেন্তে শিক্ষাৰ্থীসকলে ইয়াৰ সুবিধা ল’ব পাৰিব।

মুখ্য মন্ত্ৰীজনে কয় যে মেঘালয় চৰকাৰে জাপানৰ কোম্পানীসমূহৰ সৈতে বিভিন্ন প্ৰকল্পৰ কাম হাতত লোৱা হেতুকে ৰাজ্যখনৰ যুৱচামে জাপানী ভাষাটো শিকি ল’লে তেওঁলোকৰ সুবিধা হ’ব।

Related News