NORTHEAST NOW (Assamese)

মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই

March 30, 2018 10:47 am · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে সৰ্ব শিক্ষা কাৰ্যসূচীৰ নিয়মিত খৰচৰ বাবে অনাদায় হৈ থকা ১৩৫ কোটি টকা মোকলাই দিয়াত মেঘালয়ৰ সৰ্ব শিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলে সকাহ লাভ কৰিলে।

মেঘালয়ৰ শিক্ষা মন্ত্ৰী লেকমেন ৰিম্বুই বৃহস্পতিবাৰে শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে কেন্দ্ৰীয় পুজি মুকলি কৰি দিয়াৰ পিছত ‘’সৰ্ব শিক্ষাৰ কাৰ্যসূচীত এতিয়া সুস্থিৰতা আহিব আৰু সৰ্ব শিক্ষাৰ শিক্ষকসকলক যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে দৰমহা আদায় দিয়া হ’ব।‘’

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা তৎপৰতাৰ পিছত কেন্দ্ৰই ধন মুকলি কৰি দিয়ে।

ৰিম্বুৱে লগতে কয় যে মঞ্জুৰী নিৰ্দেশনা অনুসৰি গোটেই ধনৰাশি ২০১৭-১৮ বৰ্ষৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সৰ্ব শিক্ষাৰ আঁচনিৰ অধীনত কাম কাজ ৰূপায়নৰ বাবে সাধাৰণ শিতানৰ অধীনত মুকলি কৰি দিয়া হৈছে।

ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা বিভাগৰ ইয়াৰ নিজস্ব প্ৰত্যাহ্বান আছে।

ৰাজ্যখণ্ডৰ বিভিন্ন শ্ৰেণীৰ শিক্ষকসকলৰ বিষয়ে বাখ্যা আগবঢ়াই তেওঁ কয় যে বিত্তীয় সমস্যা আছে আৰু শিক্ষকসকলৰ দাবীৰ প্ৰতি চৰকাৰে দৃষ্টি দিয়াটো চৰকাৰৰ দায়িত্ব আছে। তদুপৰি, ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিটোও লক্ষ্য ৰাখিবলগীয়া হৈছে।

তেওঁ লগতে কয় যে পঞ্চম দৰমহা আয়োগৰ ৰূপায়নেই হওক বা অন্যান্য দাবীয়েই হওক শিক্ষকসকলৰ সকলো নায্য দাবী চৰকাৰে পৰীক্ষা কৰি চাব।

Related News