NORTHEAST NOW (Assamese)

১৯৭৯-৮০ৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰা নহয় বুলি মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ ঘোষণা

April 6, 2018 12:47 pm · এন ই নাও নিউজ
Updated: April 6, 2018 12:50 pm

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কৈছে যে ১৯৭৯-৮০ চনত সেই সময়ৰ মেঘালয় চৰকাৰে প্ৰস্তুত কৰা মেঘালয়ৰ  ৰাজনৈতিক মানচিত্ৰ সালসলনি কৰা নহ’ব।

ব্যহস্পতিবাৰে মেঘালয়ৰ বিধানসভাৰ চলিত অধিৱেশনত মুখ্য মন্ত্ৰীজনে প্ৰকাশ কৰিছে যে যদিহে অসমে নিজৰ মানচিত্ৰৰ বিষয়ত লাগি থাকে তেন্তে মেঘালয়েও নিজৰ স্থিতি এৰি নিদিয়ে।

অসমৰ সৈতে মেঘালয়ৰ দশকজোৰা সীমা বিবাদৰ বিষয়টো বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন কৰে পূব চিলঙৰ কংগ্ৰেছ বিধায়িকা আৰু প্ৰাক্তন মন্ত্ৰী আপাৰিন লিংডোৱে। তেওঁ চুবুৰীয়া ৰজ্য অসমৰ সৈতে মেঘালয়ৰ সীমা বিবাদৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি জানিব বিচাৰে।

কনৰাড চাংমাই কয় যে অসমেও নিজাববীয়াকৈ এখন ৰাজনৈতিক মানচিত্ৰ তৈয়াৰ কৰাৰ পাছত অনাকাংক্ষিতভাৱে অসমৰ সৈতে বিবাদৰ বিষয়টো পোহৰলৈ আহে।

চাংমাই বিধানসভাক অৱগত কৰে যে দুখন ৰাজ্যৰ মাজৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯৮৫ চনত চন্দ্ৰচূড় কমিটী গঠন কৰিছিল।

চাংমাই অৱশ্যে কয় যে তেওঁ অসম চৰকাৰৰ সৈতে দুয়োখন ৰাজ্যৰ মাজৰ এই দীৰ্ঘকাল ধৰি অমীমাংসিত হৈ পৰি থকা সমস্যাটোৰ এটা সৌহাৰ্দপূৰ্ণ সমাধানৰ চেষ্ট কৰিব।

উমৰোইৰ কংগ্ৰেছ বিধায়ক জৰ্জ লিংডোই  অসম আৰু মেঘালয়ৰ সীমাৰ খুটিসমূহ পৰিদৰ্শন কৰাৰ প্ৰস্তাৱত মুখ্য মন্ত্ৰী  চাংমাই সন্মতি দিয়ে। লিংডোই বিধানসভাত প্ৰকাশ কৰিছিল যে সময়ে সময়ে দুয়োখন ৰাজ্যৰ মাজৰ সীমাৰ খুটিসমূহৰ স্থান পৰিৱৰ্তন কৰি অহা হৈছে আৰু সেয়েহে সেইসমূহ মানচিত্ৰমতে  যথাস্থানত আছে নে নাই তাক পৰীক্ষা কৰাটো জৰুৰী।

উল্লেখ্য যে মেঘালয়ৰ ৰাজহ মন্ত্ৰী কিৰমেন ছিলাই বিধানসভাক অৱগত কৰিছিল যে মেঘালয় আৰু অসমৰ মাজত ২৭২৯.১৪ বৰ্গ কি: মি: জোৰা ১২টা বিবাদমান এলেকা আছে।

কিৰমেনে কৈছে যে বিবাদমান এলেকাসমূহ হৈছে তাৰাবাৰী (৪.৬৯ বৰ্গ কি:মি:), গিজাং (১৩.৫৩ বৰ্গ কি: মি:), হাহিম (৩.৫১ বৰ্গ কি: মি:), লাংপি (২৮৯.০৭ বৰ্গ কি: মি:), বৰদুৱাৰ (১৪৭.৮৩ বৰ্গ কি: মি:), বকলাপাৰা (১.৫৭ বৰ্গ কি: মি:), নংৱা-মাওতামুৰ (১৩৭.৫৭ বৰ্গ কি: মি:), খানাপাৰা-পিলাংকাটা (২.২৯ বৰ্গ কি: মি:), ব্লক ১ আৰু ২ (১৫৪৭.৪২ বৰ্গ কি:মি:), খান্দুলি-পছিয়াৰ (৭৬.৮০ বৰ্গ কি: মি:) আৰু ৰাতাচেৰা (১১.২০ বৰ্গ কি: মি:)।

Related News