মেঘালয় নিৰ্বাচনত ৱিলিয়ামনগৰৰ এন চি পি প্ৰাৰ্থী জনাথন চাংমাক হত্যাৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থীয়ে

19-02-18 Williamnagar- Jonathone N Sangma incident

আক্ৰমণত বিধ্বস্ত গাড়ীখন

মেঘালয় নিৰ্বাচনত ৱিলিয়ামনগৰ সমষ্টিৰ এন চি পি প্ৰাৰ্থী জনাথন চাংমা আৰু তেওঁৰ সহ আৰোহীক কালি গধূলি পূব গাৰো পাহাৰত গুলী আৰু বোমাৰে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাটোত হতাহতৰ সৱিশেষ কিছু সময় পূৰ্বে আমাৰ হাতত আহি পৰিছে।

জনাথন চাংমাৰ লগত নিহত হোৱা লোককেইজন হৈছে আত্মসমৰ্পনকাৰী জি এন এল এ’ সদস্য বাইচুং মমিন, ক্ৰীবিনাথ দি চিৰা আৰু দেহৰক্ষী চমিন হাচান।

আহত লোককেইজন হ’ল চিলমান এন চাংমা (৪৫ বছৰ), বেহেনচিং মাৰাক (৫৭ বছৰ) আৰু দেহৰক্ষী নুৰ আব্দুল মিঞা।

আহত কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে।

ঘটনাটো সংঘটিত হৈছিল পূব গাৰোপাহাৰ জিলাৰ ৱিলিয়ামনগৰ সমষ্টিৰ চামান্দা ব্লকৰ পৰা ১৪ কি.মি. দূৰৰ চাৱিলগ্ৰে’ গাঁৱত।

পূব গাৰোপাহাৰ জিলাৰ উপায়ুক্ত ৰাম কুমাৰে জনোৱা মতে কোনো উগ্ৰপন্থী সংগঠনে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই।

উগ্ৰপন্থীৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ২০১১ চনৰে পৰা জনাথনক ২ গৰাকী দেহৰক্ষী দিয়া হৈছিল।

আজি সমগ্ৰ ৱিলিয়ামনগৰ বজাৰ এলেকা বন্ধ থাকে আৰু কালিৰ ঘটনাটো গৰিহণা দি আজি এক সমদলো উলিওৱা হয়।

মৃত চাংমাৰ ঘৰলৈ অসংখ্য অনুগামী সমৰ্থকৰ সোঁত বৈচে।

এন চি পি সভাপতি চালেং মাৰাকে ঘটনাটোৰ গৰিহণা দি চৰকাৰক ইয়াৰ তদন্তৰ বাবে দাবী জনাইছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমা, ৱিলিয়ামনগৰ সমষ্টিৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছী প্ৰাৰ্থী দেবৰা মাৰাক, মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি সকলো ৰাজনৈতিক দলৰ নেতাই এই ঘটনাটোৰ গৰিহণা দিছে।